সোণাৰিৰ পৰা ঘন বৰা
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে যান-বাহনৰ ভাড়া বৃদ্ধিৰ ৰোধ কৰাৰ দাবীত আজি চৰাইদেউ জিলাৰ সোণাৰিৰ লাচিত উদ্যানত আহোম সেনাৰ উদ্যোগত আৰু সোণাৰিবাসী ৰাইজৰ সহযোগত দুঘণ্টীয়া অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে ৷
প্ৰতিবাদস্থলীত শাসনাধিষ্ঠিত চৰকাৰবিৰোধী বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ সাধাৰণ ৰাইজক মাধমাৰ দি অহা বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰে দাবীসমূহ মানি নল'লে ভৱিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷
- Log in to post comments
- 5 views