মৰিগাঁৱৰ পৰা জিতুমনি নাথ
মৰিগাঁও অসামৰিক চিকিৎসালয়ত নিশা চিকিৎসা গ্ৰহণ কৰিবলৈ অহা এজন ৰোগীৰ আত্মীয়ৰ এটা দলে চিকিৎসালয়খন লণ্ড-ভণ্ড কৰি এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । উদণ্ড ২০- ২৫ জনীয়া ৰোগীৰ আত্মীয় দলটোৱে চিকিৎসালয়খনৰ চিটি স্কেন কক্ষ আৰু চাৰ্জিকেল ৱাৰ্ডৰ আচবাব ভাঙি লণ্ড-ভণ্ড কৰে | জানিব পৰা মতে মৰিগাঁও নগৰৰ মৰি মুছলমান গাঁৱৰ জেহেদুল ইছলাম নামৰ ব্যক্তিজনৰ এক পথ দূৰ্ঘটনা সংঘটিত হোৱাত মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছিল ।
চিকিৎসকে উক্ত ৰোগীজনক চিটি স্কেন কৰিব দিয়াত বিদ্যুতৰ ভল্টতেজ আপ-ডাউন কৰি থকাৰ বাবে চিটি স্কেন কৰিবলৈ অসুবিধাত পৰাত বহু সময় অপেক্ষা কৰিব লগাত পৰে ৰোগী আৰু আত্মীয়ই । এই কথাতে অগ্নী শৰ্মা হৈ পৰা ৰোগীৰ আত্মীয়সকলে সৃষ্টি কৰে এক উদভণ্ডালীৰ পৰিবেশ । দলটোৱে সৃষ্টি কৰা উদভণ্ডালীত চিকিৎসালয়খনৰ চাৰ্জিকেল ৱাৰ্ডত ৰোগী চিকিৎসাধীন হৈ থকা সময়তে ৱাৰ্ডটোৰ কেইবাখনো খিৰিকী ভাঙি পেলাই এক উত্তপ্ত পৰিবেশ সংঘটিত কৰে ।
ঘটনাৰ খবৰ লাভ কৰি চিকিৎসালয়খনত মৰিগাঁও সদৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্তন কৰে । ঘটনাটো আৰক্ষীয়ে তদন্ত কৰিছে যদিও কোনো লোককে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই । উল্লেখ্য যে চিকিৎসালয়খনত একাংশ লোকে প্ৰায়ে চিকিৎসাৰ নামত উদভণ্ডালী সংঘটিত কৰি অহা অভিযোগ উঠে যদিও মৰিগাঁও আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰা বাবেই এনে ঘটনাৰাজী বৃদ্ধি পাবলৈ ধৰা বুলি সচেতন মহলে উদ্বিগ্নতা প্ৰকাশ কৰিছে ।
- Log in to post comments
- 10 views