মৰিগাঁও সীমান্ত শাখা আৰক্ষীয়ে আটক তিনি মহিলা বাংলাদেশীক 

ss

মৰিগাঁৱৰ পৰা জিতুমনি নাথ
বিদেশীক আটক কৰাক লৈ বিভিন্ন বিতৰ্কত সোমাই পৰা মৰিগাঁও সীমান্ত শাখা আৰক্ষীয়ে এইবাৰ তৎপৰতা প্ৰদৰ্শন কৰি তিনি বাংলাদেশী মহিলা আজি আটক কৰিবলৈ সক্ষম হয়  । ধৃত মহিলা বাংলাদেশী কেইগৰাকী ফাতেমা বেগম, আমিৰুণ নেচা আৰু চাহেৰা খাতুন । জিলাখনৰ ভূৰাগাঁৱৰ পৰা আটক কৰা  তিনি মহিলা বাংলাদেশী একেটা পৰিয়ালৰে সদস্য আছিল ।

উল্লেখ্য যে জিলাখনত এতিয়াও অবৈধ বাংলাদেশীয়ে গিজগিজাই থকাৰ পিছতো মৰিগাঁও সীমান্ত শাখা আৰক্ষীয়ে অবৈধ বিদেশীসকলক আটক কৰিব নোৱাৰাটো অতিকৈ দুৰ্ভাগ্যজনক বিষয় হিচাপে বিবেচিত হৈ আহিছে । মৰিগাঁও সীমান্ত শাখা আৰক্ষীয়ে অবৈধ বিদেশীক ৰক্ষনাবেক্ষণ দিয়া আৰু ন্যায়ালয়ে ঘোষণা কৰা বিদেশীক আটক নকৰি ধনৰ লেনদেনেৰে পলাতক ঘোষণা অপৰাধত তিনিজনকৈ সীমান্ত শাখা আৰক্ষী নিলম্বিত হ'ব লগা হোৱা ঘটনাৰ সন্দৰ্ভত সবিস্তাৰে সংবাদমাধ্যমত প্ৰকাশ   পাইছিল । ইতিমধ্যে আটক কৰা বাংলাদেশী মহিলা কেইগৰাকীক  তেজপুৰৰ ডিটেনশ্যন কেম্পলৈ প্ৰেৰন  কৰা  বুলি জনা গৈছে ।

Your Comments