গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
লি নিশা এক গোপন সূত্ৰৰ পম খেদি গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসম প্ৰেমী ছাত্ৰ সন্থাকে কৰি চাৰিটা সংগঠনে গোলাঘাটৰ কছাৰীহাট অঞ্চলত এখন বলেৰ' পিক আপ ভানত প্ৰায় ৩০০ কাৰ্টুন অৰুণাচলী সুৰা নি থকা অৱস্থাত জব্দ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে ৬ লাখ টকা মূল্যৰ উক্ত সুৰাখিনি অৰুণাচলৰ পৰা মেৰাপানীলৈ নি আছিল ।
পূৰ্বেও সংগঠন কেইটাই এনেদৰে গোলাঘাট চহৰৰ মাজেদি এনে অবৈধ সুৰা কঢ়িয়াই নিয়া বুলি দাবী কৰাৰ লগতে এই ক্ষেত্ৰত গোলাঘাটৰ প্ৰশাসনো জড়িত থকাৰ সন্দেহ কৰিছে । যি সময়ত গোলাঘাটৰ দৰে সংবেদনশীল চহৰখনত পুলিচ-প্ৰশাসন অধিক সক্ৰিয় হোৱাৰ পৰিবৰ্তে সোপাঢিলা ৰূপৰ বৰ্হিপ্ৰকাশ ঘটিল বুলিহে সচেতন মহলে মত প্ৰকাশ কৰিছে ।
- Log in to post comments
- 5 views