ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত ২ নং কছাৰী ভেটি টোপ গাঁৱৰ ছুফিয়া খাটুন নামৰ ১৪ দিনিয়া নৱজাতকৰ মাতৃ এগৰাকীক স্বামী মফিদুল ইছলামে জলাই দিয়া ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । এপষেক পূৰ্বে ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এটি শিশু জন্ম দিয়া মাতৃগৰাকীক স্বামীয়ে টকা-পইচা, সা-সম্পত্তি দাবী কৰি নৃশংসভাৱে জলাই হত্যা কৰিবলৈ কুন্ঠাবোধ নকৰা মফিদুলে নবজাতক শিশুটিকো হত্যা কৰাৰ ভাবুকি দিয়ে বুলি ছুফিয়াৰ জ্যেষ্ঠ ভাতৃয়ে অভিযোগ কৰে । অগ্নিদগ্ধ ছুফিয়া খাটুনক (২৪) সম্প্ৰতি তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে । ছুফিয়াৰ জ্যেষ্ঠ ভাতৃয়ে ওৰাং আৰক্ষী থানাত মফিদুলৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে ।
- Log in to post comments
- 14 views