আমগুৰিত বিধায়ক প্ৰদীপ হাজৰিকাৰ বাসগৃহৰ সমীপত মাৰণাস্ত্ৰসহ আটক ২ যুৱক

আমগুৰিত বিধায়ক প্ৰদীপ হাজৰিকাৰ বাসগৃহৰ সমীপত মাৰণাস্ত্ৰসহ আটক ২ যুৱক

আমগুৰি সমষ্টিৰ বিধায়ক তথা অগপৰ জ্যেষ্ঠ নেতা প্ৰদীপ হাজৰিকাৰ বাসগৃহৰ পৰা নাতিদূৰৈত বুধবাৰে বিয়লি সেনাই মাৰণাস্ত্ৰসহ দুজন যুৱকক আটক কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলজুৰি ।

জানিব পৰামতে, শিৱসাগৰ মাইবেলাস্থিত সেনাৰ শিবিৰৰ এটা দলে হালোৱাটিঙৰ কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ চি-১১৯ নং কোম্পানীৰ সহযোগত এক গোপন সূত্ৰৰ পমখেদি আমগুৰি থানাৰ অন্তৰ্গত জালুকগাঁৱৰ এখন বাঁহনিৰ পৰা যুৱক দুজনক আটক কৰে ।

আমগুৰিত বিধায়ক প্ৰদীপ হাজৰিকাৰ বাসগৃহৰ সমীপত মাৰণাস্ত্ৰসহ আটক ২ যুৱক

উল্লেখ্য যে উক্ত বাঁহনিখনৰ পৰা  প্ৰায় ১০০ মিটাৰ দূৰত্বত বিধায়ক প্ৰদীপ হাজৰিকাৰ বাসগৃহ । ধৃত যুৱকদ্বয় মেৰাপানীৰ কৃষ্ণ সোণোৱাল (২৬) আৰু বৰহোলাৰ হীৰেণ সোণোৱাল (৪০) বুলি জানিব পৰা গৈছে ।

যুৱক দুজনৰ পৰা সেনাই আমেৰিকাত নিৰ্মিত .৩২ আৰু .২২ এম এম পিস্তল দুটা, দুজাঁই সজীৱ গুলী, ৩খন এ টি এম কাৰ্ড, দুখন ড্ৰাইভিং লাইচেন্স আৰু দুখন ভোটাৰ পৰিচয়-পত্ৰ উদ্ধাৰ কৰিছে ।

আমগুৰিত বিধায়ক প্ৰদীপ হাজৰিকাৰ বাসগৃহৰ সমীপত মাৰণাস্ত্ৰসহ আটক ২ যুৱক

সেনাৰ সূত্ৰই ধৃত লোক দুজন মাৰণাস্ত্ৰ বিক্ৰী কৰিবৰ বাবে অহা বুলি প্ৰকাশ কৰিছে । ধনৰ বিনিময়ত যুৱক দুজনে অস্ত্ৰ দুটা সৰবৰাহ কৰিছিল বুলি প্ৰকাশ । আনহাতে, ধৃত লোক দুজনে তেওঁলোকক মেৰাপানীৰ পৰা আটক কৰা বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰাত সমগ্ৰ ঘটনাটো সেনাৰ দ্বাৰা ৰচিত এক নাটক বুলি সন্দেহ কৰা হৈছে ।

অহা ১৪ অক্টোবৰত আমগুৰিত আয়োজিত অসম গণ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ প্ৰাকমুহূৰ্তত অগপ দলৰ বিধায়কৰ ঘৰৰ সমীপত মাৰণাস্ত্ৰসহ দুজনকৈ যুৱকক আটক কৰা ঘটনা ৰহস্যজনক বুলি বিবেচিত হৈছে ।

Your Comments