লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লামডিং মহাবিদ্যালয়ত আজি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ জানিব পৰা মতে, মহাবিদ্যালয়খনত অহা ১২ অক্টোবৰত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ দিন ধাৰ্যা কৰা হৈছে ৷ সেয়েহে আজি মহাবিদ্যালয়খনত এন এছ ইউ আই আৰু এ বি ভি পিৰ সমৰ্থিত প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ দাখিল কৰে ৷
কিন্তু মনোনয়ন-পত্ৰ দাখিল কৰাৰ সময়তে দুয়োটা দলৰ মাজত সংঘাত সৃষ্টি হোৱাৰ লগতে হতাহতিও লাগে । পিছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । এন এছ ইউ আইৰ সদস্যসকলে অভিযোগ কৰামতে, মনোনয়ন-পত্ৰ দাখিল কৰাৰ সময়সীমা মহাবিদ্যালয় কৰ্তৃপক্ষই দুপৰীয়া ২ বজালৈকে বান্ধি দিছিল ।
কিন্তু এ বি ভি পি সমৰ্থিত ছাত্ৰই বলপূৰ্বকভাৱে সময়সীমা অতিক্ৰম কৰাৰ পিছতো মহাবিদ্যালয়ত মনোনয়ন-পত্ৰ জমা দিয়ে । ইয়াকে লৈ দুয়োটা সংগঠনৰ সমৰ্থকৰ মাজত সংঘাতৰ সৃষ্টি হয় ।
ইপিনে এ বি ভি পিৰ সদস্যসকলৰ মতে এন এছ ইউ আইৰ সদস্যসকলে অভিযোগ কৰা ধৰণে কোনো অনিয়ম সংঘটিত হোৱা নাছিল । কিন্তু এন এছ ইউ আইৰ সমৰ্থিত ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমে তেওঁলোকৰ লগত কথা কটাকটি কৰিছিল ।
ইয়াৰ বাবেই সংঘাতৰ সৃষ্টি হয় ৷ পিছত অৱশ্যে দুয়োটা সংগঠনৰ সদস্য-সমৰ্থকসকলে পৰস্পৰে পৰস্পৰক দোষৰোপ কৰি মহাবিদ্যালয়ৰ সন্মুখতেই প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনফালে সংবাদ মাধ্যমে মহাবিদ্যালয় কৰ্তৃপক্ষক এই বিষয়ে প্ৰশ্ন কৰাত অধ্যক্ষগৰাকীয়ে একো গমকে নাপায় বুলি গা এৰা মন্তব্য দিয়ে ৷
নিৰ্বাচনৰ প্ৰাক্-মুহূৰ্তত মহাবিদ্যালয়খনত হোৱা এনে এক ঘটনাই লামডিঙৰ সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে ৷
ইফালে আজি এই সংঘাতৰ বাতৰি আনিবলৈ যাওঁতে সংবাদ মাধ্যমক মহাবিদ্যালয়ত সোমোৱাৰ ক্ষেত্ৰত এ বি ভি পিৰ ছাত্ৰ-ছাত্ৰীয়ে বাধা প্ৰদান কৰে ।
- Log in to post comments
- 25 views