নগাঁৱৰ পৰা ৱাহিদুদ জামান
সন্ধানহীন পঞ্চায়ত সচিবৰ অৱশেষত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই নগাঁৱত চাঞ্চল্যৰ কৰিছে । উল্লেখ্য, যোৱা ৭ অক্টোবৰৰ বিয়লি ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল সচিব মহিবুৰ ৰহমান ।
আজি দুপৰীয়া চাপৰমুখৰ সমীপৰ কপিলী নৈৰ পাৰত তেওঁৰ মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ৰহমানৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে পৰিয়ালৰ লোককো খবৰ দিয়ে ।
আনহাতে, আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত ধিংগাঁৱত জন্মগ্ৰহণ কৰা মহিবুৰ ৰহমান বৰ্তমান জিলাখনৰ চিলঙনী কাতিমাৰী গ্ৰাণ্টত পৰিয়ালসহ কিছুবছৰ পূৰ্বৰে পৰা নিগাজীকৈ বসবাস কৰি আহিছে । তেওঁ মাহদিয়েক পূৰ্বে চাপাৰমুখ গাঁও পঞ্চায়তত সচিব হিচাপে বদলি হৈ গৈছিল ।
হঠাৎ যোৱা ৭ অক্টোবৰত ঘৰৰ পৰা সন্ধানহীন হোৱাত পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰাৰ পিছত অৱশেষত আজি পুৱাৰ ভাগত নগাঁও সদৰ আৰক্ষী থানাত সন্ধানহীন সন্দৰ্ভত এক এজাহাৰ দাখিল কৰিছিল ।
এজাহাৰ দাখিল কৰাৰ কিছু সময় পিছতে এইদৰে চাপাৰমুখৰ কপিলীত মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ পাই মৰ্মাহত হৈ পৰিছে পৰিয়ালৰ লোক । এয়া এক হত্যাকাণ্ড নে আন কিবা সেয়া আৰক্ষীৰ সঠিক তদন্ততহে পোহৰলৈ আহিব ।
পৰিয়ালৰ এক সূত্ৰে জনা মতে, ৰহমান এসপ্তাহ পুৰ্বে হঠাৎ মধুমেহ বেমাৰত আক্ৰান্ত হৈছিল । অমায়িক স্বাভাৱৰ তথা ধাৰ্মিক মহিবুৰ ৰহমানৰ এনে আকস্মিক মৃত্যুত ধিং গাঁৱৰ লগতে চিলঙনী অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
মৃত্যুৰ সময়ত ৰহমানৰ বয়স আছিল ৪৬ বছৰ । তেওঁ মৃত্যুৰ সময়ত পত্নীসহ দুই সন্তানক ইহসংসাৰত এৰি থৈ গৈছে ।
- Log in to post comments
- 23 views