বিলাসীপাৰাৰ শালটাৰী গাঁৱৰ শাৰীৰিকভাৱে ব্যতিক্ৰম এটি শিশুক লৈ কৌতুহল

 বিলাসীপাৰাৰ শালটাৰী গাঁৱৰ শাৰীৰিকভাৱে ব্যতিক্ৰম এটি শিশুক লৈ কৌতুহল

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম

বিলাসীপাৰাৰ শালটাৰী গাঁৱত এটি কন্যা শিশুৱে ব্যাপক কৌতুহলৰ সৃষ্টি কৰিছে । শিশুটিৰ দুটা সমান আকৃতিৰ মূৰ । দুটা মূৰৰ শিশুটিক চাবলৈ পৰিয়ালটোত নিতৌ সমাগম হয় কৌতুহলী লোকৰ ।

 গাঁওখনৰ বাসিন্দা মহিবুল হক আৰু তাছমিনা বেগমৰ ঔৰসত জন্মলাভ কৰে এই কন্যা সন্তানটিয়ে । দুটা মূৰ সদৃশ শিশুটোৱে বিলাসীপাৰাৰ সাপটগ্ৰাম চৰকাৰী চিকিৎসালয়ত বিগত এবছৰ পূৰ্বে জন্মলাভ কৰে ।

পৰৱৰ্তী সময়ত অসুস্থ কন্যা শিশুটিক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে যদিও শিশুটি সুস্থ হৈ উঠে । কিন্তু শিশুটিৰ শাৰীৰিক গঠন বৃদ্ধি হোৱাৰ সমান্তৰালভাৱে মূৰৰ পিছফালে থকা আনটো মূৰ সদৃশ অংগটোও মূৰৰ সমানে বৃদ্ধি পাবলৈ ধৰে । শিশুটিৰ এনে অস্বাভাৱিক আকৃতি চাবলৈ পৰিয়ালটোত সমাগম হয় নিতৌ বিভিন্ন কৌতুহলী লোকৰ ।

টিপকাই নদীৰ তীৰত তথা অতি দুৰ্গম অঞ্চল হোৱা বাবে ঘটনাটো প্ৰচাৰ হোৱা নাছিল । কিন্তু মঙলবাৰে গাঁওখনত উপস্থিত হয় বিলাসীপাৰা আৰু মহামায়া ব্লক দিব্যাঙ্গ উন্নয়ন সুৰক্ষা সমিতিৰ এটা দল ।

গাঁওখনত থকা দিব্যাঙ্গ লোকৰ জৰীপ কৰিবলৈ যোৱাত ঘটনাটো পোহৰলৈ আহে । সম্পুৰ্ণ আচহুৱা আকৃতিৰ শিশুটো অস্ত্ৰোপচাৰ কৰিলে সম্পুৰ্ণ সুস্থ হোৱাৰ লগতে সাধাৰণ মানৱ আকৃতিৰ ৰূপ ধাৰণ কৰিব বুলি জানিব পৰা গৈছে |

কিন্তু দৰিদ্ৰ পৰিয়ালটিয়ে শিশুটিৰ অস্ত্ৰোপচাৰৰ দিশত অপাৰগ হৈ পৰিছে । সেয়ে দিব্যাঙ্গ সমিতিৰ দলটোৰ লগতে ৰাইজে স্বাস্থ্যমন্ত্ৰীক শিশুটিৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে ।
 

Your Comments