অসম কবি সন্মিলনৰ অন্তৰ্গত কাব্য কানন বহুভাষিক কবি সন্মিলনৰ নিউ বঙাইগাঁও শাখাৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিবেশন উপলক্ষে সদৌ অসম ভিত্তিত তিনিটা ভাষাত স্বৰচিত কবিতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে ৷
অসমীয়া, হিন্দী আৰু বাংলা ভাষাত আয়োজন কৰা কবিতা প্ৰতিযোগিতা সকলো বয়সৰ বাবে মুকলি থাকিব ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা প্ৰতিযোগীসকলে তেওঁলোকৰ স্বৰচিত কবিতাসমূহ ঠিকনা আৰু ফোন নম্বৰসহ অহা ১৫ নৱেম্বৰৰ ভিতৰত মুকুন্দ শৰ্মা, উপদেষ্টা, কাব্য কানন, ত্ৰিধাৰা, ভাকাৰিভিটা, চৌধুৰীপাৰা, বঙাইগাঁও, পিন-৭৮৩৩৮০ (মোবাইল নম্বৰ- ৯৯৫৪৭০৩১১২) অথবা শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা, সম্পাদক, কাব্য কানন, বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বঙাইগাঁও, পিন- ৭৮৩৩৮০ লৈ পঠিয়াবলৈ অনুৰোধ জনাইছে ৷
অৱশ্যে কবিতাসহ ঠিকনা আদি sailendrapsarma@gmail.com ই-মেইলতো পঠিয়াব পাৰিব ৷ প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ অহা ১৬ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া শাখাৰ দ্বি-বাৰ্ষিক অধিৱেশনত প্ৰদান কৰা হ'ব বুলি কাব্য কানন বহুভাষিক কবি সন্মিলনৰ নিউ বঙাইগাঁও শাখাৰ সম্পাদক শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই জনাইছে ৷
- Log in to post comments
- 45 views