গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
নুমলীগড় নাৰ্ছিং স্কুলৰ বাছনিৰ ক্ষেত্ৰত হোৱা অনিয়মৰ প্ৰতিবাদত আজি ঐক্য সেনা অসমৰ গোলাঘাট জিলা সমিতিয়ে নুমলীগড় ভি কে নাৰ্ছিং স্কুলৰ পৰিচালনা সমিতিৰ সচিব সুমিত্ৰ পূজাৰীৰ পুত্তলিকা দাহ কৰে ।
জানিব পৰা মতে, সচিবগৰাকীৰ স্বেচ্ছাচাৰিতা তথা মেধাভিত্তিক ছাত্ৰীৰ বাছনি কৰাৰ সলনি নিজৰ পচন্দ মতে প্ৰাৰ্থী বাছনি কৰিবলৈ স্কুলখনৰ অধ্যক্ষাগৰাকীক হেঁচা প্ৰয়োগ কৰি আহিছিল ।
যি ক্ষেত্ৰত স্বয়ং অধ্যক্ষাগৰাকীয়ে নুমলীগড় আৰক্ষী চকীত এক গোচৰো ৰুজু কৰাৰ লগতে আজি ঐক্য সেনা অসমেও স্বেচ্ছাচাৰী সচিবগৰাকীৰ পুত্তলিকাত চেণ্ডেলৰ মালা পিন্ধাই দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
স্নাতক নিৱনুৱা সংস্থাৰ ফালৰ পৰাও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি চেণ্ডেলৰ মালা পৰিধান কৰাই দুয়োটা সংগঠনে স্থানীয় মেধা যুৱতীক স্থান দিয়া, বাছনি পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা, অভিযুক্ত সুমিত্ৰ পূজাৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱা, স্থানীয় যুৱতীৰ বাবে আসন সংৰক্ষণ কৰাৰো দাবী তোলে ।
- Log in to post comments
- 7 views