জামুগুৰিহাটৰ পৰা প্ৰণৱজ্যোতি ভট্টাচাৰ্য
ভাৰতীয় জ্যোতিষ শাস্ত্ৰৰ গৱেষণাৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱা আৰু দক্ষতাৰ বাবে শোণিতপুৰ জিলাৰ এগৰাকী প্ৰবীণ জ্যোতিষী মুনিন্দ্ৰ শৰ্মালৈ আগবঢ়োৱা হৈছে সৰ্বভাৰতীয় "গ'ল্ডেন এচিভমেণ্ট" বঁটা ৷
বৈদিক এষ্ট্ৰ’ল’জিকেল ৰিছাৰ্চ ছ’চাইটী আৰু ইণ্ডিয়ান ইনষ্টিটিউট অব্ অ'ৰিয়েণ্টেল হেৰিটেজ, অসম শাখাৰ দ্বাৰা আৰু গুৱাহাটীৰ জিলা পুথিভৰাঁলৰ প্ৰেক্ষাগৃহত অলপতে অনুষ্ঠিত সৰ্বভাৰতীয় জ্যোতিষ সন্মিলনত মুনিন্দ্ৰ শৰ্মাক ফুলাম গামোচা, তিলক আদিৰে সম্বৰ্ধনা জনোৱাৰ পাছতে মানপএ "গ'ল্ডেন এচিভমেণ্ট" বঁটা প্ৰদান কৰে ইণ্ডিয়ান ইনষ্টিটিউট অব্ অ'ৰিয়েণ্টেল হেৰিটেজ, কলকাতাৰ উপাচাৰ্য ডঃ ৰামকৃষ্ণ শাস্ত্ৰীয়ে ৷
উল্লেখ্য, জ্যোতিষী মুনিন্দ্ৰ শৰ্মাই ইতিমধ্যে শক্তিপীঠ কামাখ্যা বঁটা আৰু কামপীঠ বঁটাকে আদি কৰি একাধিক সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷
- Log in to post comments
- 12 views