কলিয়াবৰত তেল চুৰি চক্ৰৰ বিৰুদ্ধে অভিযানত আটক ১

কলিয়াবৰত তেল চুৰি চক্ৰৰ বিৰুদ্ধে অভিযানত আটক ১

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ

কলিয়াবৰৰ বাগৰি অঞ্চলৰ লাইন হোটেলসমূহক কেন্দ্ৰ কৰি দীৰ্ঘদিন ধৰি এক অনৈতিক কাৰ্যকলাপ সংঘটিত কৰি অহা পৰিলক্ষিত হৈছে । মাজে মাজে এনেধৰণৰ কাৰ্যকলাপৰ লগত জড়িত দুষ্কৃতিকাৰীক আৰক্ষীয়ে উৎখাত কৰে যদিও পুনৰ এই দুষ্ট চক্ৰসমূহে গা কৰি উঠা দেখা যায় ।

মঙলবাৰে নিশা এনে এক ঘটনাৰ সম্ভেদ পাই কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেত্বত জখলাবন্ধা আৰক্ষীয়ে অভিযান চলাই আটক কৰে চোৰাং তেলচুৰি চক্ৰটোৰ এজন চোৰক ।

কলিয়াবৰত তেল চুৰি চক্ৰৰ বিৰুদ্ধে অভিযানত আটক ১

আটকাধীন তেল চোৰটোৰ নাম হাফিজ উদ্দিন ওৰফে ভাইটি । বাগৰি আৰক্ষী চকীৰ সমীপতে এখন লাইন হোটেলত দীৰ্ঘদিন ধৰি চলি আছিল ডিজেল তেল চুৰি কাৰ্য । দীৰ্ঘদিন ধৰি লাইন হোটেলত চলি থকা  তেলচুৰি কাৰ্যৰ খবৰ আৰক্ষীয়ে লাভ কৰাৰ পাছত অভিযান চলায় আৰক্ষীয়ে ।

কলিয়াবৰত তেল চুৰি চক্ৰৰ বিৰুদ্ধে অভিযানত আটক ১

আটকাধীন হাফিজ উদ্দিনৰ জিম্মাৰ পৰা আৰক্ষীয়ে জব্দ কৰে ডিজেল তেলভৰ্তি ৮টা ড্ৰাম । ঘটনা সন্দৰ্ভত জখলাবন্ধা আৰক্ষীয়ে ১২৯/১৮ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৯ আৰু আৰ/ডব্লিউ প্ৰেট'লিয়াম আইনৰ ২৩ ধাৰাৰ অধীনত এটি গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে হাফিজ উদ্দিনক ।

Your Comments