মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি

মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি

বৰপেটাৰোডৰ পৰা ৰনজিৎ তালুকদাৰ

প্ৰকৃতিৰ ৰম্যভূমি মানাহ ৰাষ্ট্ৰীয় উদ্যানখনি আজি পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয় ৷ ৰঙাফিটা কাটি এই কাৰ্যৰ শুভাৰম্ভ কৰে বিটিচিৰ ডেপুটী চীফ খাম্পা বৰগয়াৰীয়ে ৷

মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি

এই উপলক্ষে বিভিন্ন জনগোষ্ঠীৰ এক সাংস্কৃতিক শোভাযাত্ৰা আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি

আনহাতে, শুভা উদ্বোধন উপলক্ষে আয়োজিত সভাখনিত বিটিচিৰ মুখ্য সচিব বীৰেন্দ্ৰ চন্দ্ৰ ফুকন, মঠনগুৰী সমষ্টিৰ এম চি এল এ গৌতম দাস, মানাহ ব্য্যঘ্ৰ প্ৰকল্পৰ প্ৰকল্প সঞ্চালক হিৰণ্য কুমাৰ শৰ্মাকে আদি কৰি বিশিষ্ট ব্যক্তিসকলৰ লগতে বিভিন্ন এন জি অ' আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷

Your Comments