ধুবুৰীৰ পৰা আমিনুৰ আহমেদ
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো চলিছে দুৰ্গাপূজাৰ ব্যপক প্ৰস্তুতি । আন আন বছৰৰ দৰে এইবেলিও তিনি শতাধিক পূজা অনুষ্ঠিত হ'ব জিলাখনত । এইবেলি জিলাখনৰ মুঠ ৩৭৩খন দুৰ্গাপূজা অনুষ্ঠিত হ'ব ।
ইপিনে দুৰ্গাপূজাৰ সময়ত যাতে কোনো কূটাঘাতমূলক ঘটনা বা অঘটন সংঘটিত নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিছে ধুবুৰী আৰক্ষীয়ে । প্ৰতিটো পূজা মণ্ডপত পৰ্যাপ্ত পৰিমাণৰ চিচি টিভি কেমেৰা লগোৱাটো বাধ্যতামূলক বুলি উল্লেখ কৰিছে ধুবুৰী আৰক্ষীয়ে ।
জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক গুণীন্দ্ৰ ডেকাই লগতে কয় যে দুৰ্গাপূজা উপলক্ষে আৰক্ষীয়ে জিলাখনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছে । লগতে সকলোকে শান্তিপূৰ্ণভাৱে দুৰ্গাপূজা পালন কৰাৰ বাবে আহ্বান জনায় জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে ।
আনহাতে, পূজা কমিটীসমূহে এতিয়ালৈকে পূজা মণ্ডপত কোনো চিচি টিভি কেমেৰাৰ ব্যৱস্থা কৰা দেখা পোৱা নাই । অৱশ্যে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।
- Log in to post comments
- 11 views