ধ্বংসৰ গৰাহত ডবকা গড়কাপ্টানী পৰিদৰ্শন বঙলা 

ধ্বংসৰ গৰাহত ডবকা গড়কাপ্টানী পৰিদৰ্শন বঙলা 

ডবকাৰ পৰা জমিৰউদ্দিন তালুকদাৰ

হোজাই জিলাৰ ডবকাত নাই কোনো চৰকাৰী অতিথিশালা ৷ ডবকাস্থিত সহকাৰী কাৰ্যবাহী অভিযন্তা, গড়কাপ্টানী (গ্ৰাম্য পথ সংমণ্ডল)ৰ এটা পৰিদৰ্শন বঙলা আছে ৷ সেই ভৱনতে বিভাগটোৰ বিষয়া-কৰ্মচাৰীৰ লগতে বাহিৰৰ পৰা অহা চৰকাৰী বিষয়া-কৰ্মচাৰীসকল থাকে ৷

প্ৰয়োজনত জিৰণি লয় ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে এই অতিথিশালাটোৰ অৱস্থাই আজি জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে ৷ বিভাগৰ চোৱাচিতা আৰু ৰক্ষণাবেক্ষণৰ অভাৱত গৃহটো জহি-খহি যোৱাৰ উপক্ৰম হোৱাৰ লগতে চৌহদৰ সীমাৰ দেৱালৰ কোন কাহানিবাই চিন-মোকাম নাইকিয়া হৈছে ৷

চৌহদৰ সীমাৰ দেৱাল নথকাত গড়কাপ্টানী পৰিদৰ্শন ভৱনটো এতিয়া গৰু-ছাগলীৰ চৰণীয়া পথাৰত পৰিণত হৈছে ৷ এই গৃহটোৰ চোৱাচিতাৰ বাবে এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আছে যদিও বিভাগীয় অৱহেলাৰ কৰুণ পৰিণতিত পৰিদৰ্শন ভৱনৰ দুৱাৰ-খিৰিকী খহি পৰাৰ উপক্ৰম হৈছে ৷

প্ৰাচীন ডবকাৰ গৌৰৱময় ঐতিহ্যক বহন কৰা পৰিদৰ্শন ভৱনটোত সম্প্ৰতি পানীৰ কোনো সুব্যৱস্থা নাই ৷ সেয়ে কেতিয়াবা বাহিৰৰ পৰা কোনো চৰকাৰী বিষয়া-কৰ্মচাৰী কাৰ্যালয়টোলৈ আহিলে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীগৰাকীয়ে দূৰৈৰ পৰা বাল্টিৰে পানী কঢ়িয়াই নি দিবলগীয়া হয় ৷

জানিব পৰা মতে, চৌহদত নাই পানীৰ ব্যৱস্থা ৷ নাই পানীৰ টেংকী ৷ এনে এক অৱস্থালৈ পৰ্যৱসিত হোৱা ভৱনটোৰ সুৰক্ষাৰ ক্ষেত্ৰত নীৰৱ চৰকাৰী বিভাগৰ লগতে স্থানীয় বিধায়ক আব্দুৰ ৰহিম আজমল, অগপ-বিজেপিৰ দখলত থকা ডবকা নগৰ সমিতি ৷

ডবকাত যিকোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, সভা-সমিতিৰ বাবে গড়কাপ্টানী পৰিদৰ্শন ভৱনৰ চৌহদ ব্যৱহাৰ কৰা হৈছিল যদিও এতিয়া চৌহদৰ সীমাৰ দেৱাল খহি সৰ্বত্ৰে এক কদৰ্যময় পৰিৱেশ সৃষ্টি হৈছে ৷

এনে অৱস্থাৰ পৰা পৰিদৰ্শন ভৱনটো ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিবনে স্থানীয় বিধায়ক আব্দুৰ ৰহিম আজমল, গড়কাপ্টানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ?
 

Your Comments