নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
সময়ে সময়ে ভিন ভিন ৰূপত অৱতীৰ্ণ হোৱা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাক এইবাৰ দেখা গ'ল শিক্ষয়ত্ৰীৰ ৰূপত । অভিনেত্ৰী নহ'লে শিক্ষয়িত্ৰী হোৱাৰ সপোন পুহি ৰখা বিধায়িকাগৰাকী মঙলবাৰে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ উপলক্ষে বৰচিলা মজলীয়া বিদ্যালয়ত উপস্হিত হৈ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰি নিজৰ শিক্ষয়িত্ৰী হোৱাৰ সপোন পূৰণ কৰিলে ।
ইপিনে বিধায়িকা আঙুৰলতাক শিক্ষয়িত্ৰীৰ ৰূপত চাবলৈ হেতা-ওপৰা লগালে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীয়ে । সমগ্ৰ ৰাজ্যত আৰম্ভ হৈছে শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে তথা বিদ্যালয়সমুহৰ গুণগত মান নিৰ্ধাৰণ কৰাৰ বাবে গুণোৎসৱ ।
গুণোৎসৱ উপলক্ষে এক উখল-মাখল পৰিৱেশ দেখা গৈছে ৰাজ্যৰ বিদ্যালয়সমূহত । মঙলবাৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই গুণোৎসৱ উপলক্ষে পৰিদৰ্শন কৰে বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত মৰিগাঁও শিক্ষা খণ্ডৰ কেইবাখনো বিদ্যালয় ।
প্ৰথমতে চাবুকধৰাৰ ছহিদ হেমেন্দ্ৰ নাথ বৰদলৈ মধ্য ইংৰাজী বিদ্যালয়ৰ পাছতেই বৰচিলা মজলীয়া বিদ্যালয়ত প্ৰৱেশ কৰে । ছহিদ হেমেন্দ্ৰনাথ বৰদলৈ বিদ্যালয়ত প্ৰৱেশ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰি ছাত্ৰ-ছাত্রীৰ সমস্যাৰ বুজ লয় বিধায়িকাগৰাকীয়ে ।
তাৰপিছতেই বিধায়িকাগৰাকীয়ে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীসকলৰ সৈতে মত বিনিময় কৰি বিদ্যালয়ৰ অভাৱ-অভিযোগৰো বুজ লয় আৰু অতি সোনকালে এই সমস্যাসমূহ সমাধানৰো আশ্বাস প্ৰদান কৰে ।
আনহাতে, শ্ৰেণীকোঠাত পাঠদানৰ মাজতে ছাত্ৰ-ছাত্ৰীৰ লগতে বিধায়িকাগৰাকীয়েও কণ্ঠ নিগৰালে ভূপেন হাজৰিকাৰ কালজয়ী গীত "মানুহে মনুহৰ বাবে"ত । বিধায়িকাগৰাকীয়ে গুণোৎসৱ উপলক্ষে বিদ্যালয়সমূহৰ এই সুন্দৰ পৰিৱেশ আগলৈও যাতে অটুট ৰাখে তাৰ প্ৰতি আহ্বান জনায় শিক্ষক-শিক্ষয়ত্ৰীক ।
- Log in to post comments
- 31 views