লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম
সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ (আমছু)ৱে সাংগঠনিক দিশত ব্যাপক তৎপৰতা আৰম্ভ কৰিছে । আজি লাহৰীঘাট আঞ্চলিক সাংবাদিক সন্থাৰ কাৰ্যালয়ত মৰিগাঁও জিলা আমছুৰ সভাপতি আক্তাৰ হুছেইনে এক সংবাদমেল সম্বোধন কৰি কয় যে লাহৰীঘাট, টেঙাগুৰি আৰু ভূৰাগাঁৱকে আদি কৰি জিলাখনৰ আন আন আঞ্চলিক সমিতিসমূহ পুনৰ গঠন কৰি ছাত্র সংগঠনটোক সঠিক দিশত আগবঢ়াই নিয়াৰ কথা সদৰী কৰে ।
জিলা সভাপতিগৰাকীয়ে আৰু কয় যে জিলাখনৰ প্ৰধান সমস্যা হিচাপে চিহ্নিত বান আৰু গৰাখহনীয়া সমস্যাটোৰ স্থায়ী সমাধানকল্পে ৰাষ্ট্ৰীয় পৰ্যায়ত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে । সংবাদমেলত উপস্থিত থাকে জিলা আমছুৰ উপদেষ্টাদ্বয় ক্ৰমে মাইনুল হক চৌধুৰী আৰু মাহমাদুল নবী উপস্থিত থাকি বক্তব্য আগবঢ়ায় ।
- Log in to post comments
- 23 views