বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত উত্তৰ মাজগাঁৱত সোমবাৰে নিশা ৮মান বজাত ১০৮ এম্বুলেন্সৰ খুন্দাত এজন চাইকেল আৰোহী থিতাতে নিহত হয় ৷ নিহত যুৱকজন পুৰণি বঙাইগাঁৱৰ ভাটিপাৰাৰ নৰেশ্বৰ ৰায়ৰ পুত্ৰ গোকুল ৰায় (২৭) বুলি চিনাক্ত কৰা হয় ৷
পথ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজ ক্ষুদ্ধ হৈ পৰে আৰু ১০৮ৰ চালক দ্বীজেন্দ্ৰ নাথক মাৰধৰ কৰাৰ লগতে বাহনখনৰ সন্মুখৰ গ্লাছ, পিছফালৰ গ্লাছ আদি ভাঙি ক্ষতিসাধন কৰে ৷ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰে ৷
লগতে আহত ১০৮ৰ চালকজনকো উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে ৷ জানিব পৰা মতে, এ এছ-০১ জে চি-৭১৩৫ নম্বৰৰ ১০৮ এম্বুলেন্সখনে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ৰোগীক থৈ উত্তৰ শালমাৰাৰ দিশে গৈ থকা অৱস্থাত উত্তৰ মাজগাঁৱত এই পথ দুৰ্ঘটনাটো সংঘটিত হয় ৷
সেইসময়ত পেচাত মিস্ত্ৰীৰ কাম কৰা যুৱকজনে ছিপনছিলাৰ পৰা চাইকেলেৰে ভাটিপাৰাৰ নিজ ঘৰলৈ বুলি আহি আছিল ৷
- Log in to post comments
- 7 views