মাজুলীৰ ২ লাখ লোকৰ চিকিৎসাক লৈ চৰকাৰৰ হেতালি : অসাৰ হিমন্ত বিশ্বৰ আশ্বাস

 মাজুলীৰ ২ লাখ লোকৰ চিকিৎসাক লৈ চৰকাৰৰ হেতালি : অসাৰ হিমন্ত বিশ্বৰ আশ্বাস

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি মাজুলীৰ চিকিৎসা খণ্ডত চলিছে চৰম অৰাজকতা । জিলাখনৰ ২ লাখ লোকৰ বিপৰীতে থকা গড়মূৰৰ পীতাম্বৰদেৱ অসামৰিক চিকিৎসালয়খনত চিকিৎসকৰ লগতে পাবলৈ নাই ন্যূনতম চিকিৎসা সুবিধাও ।

১০০খন বিছনাযুক্ত চিকিৎসালয়খনত চিকিৎসকৰ অভাৱৰ বাবে বছৰৰ পিছত বছৰ ধৰি দুৰ্ভোগ ভুগি আহিছে জিলাখনৰ দুখীয়া পৰিয়ালৰ লোকসকলে । শল্য, চকু বিশেষজ্ঞকে ধৰি কেইবাটাও বিভাগৰ চিকিৎসক নথকাত মাজুলীৰ বাহিৰত গৈ ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰিবলগা হৈছে ৷

 মাজুলীৰ ২ লাখ লোকৰ চিকিৎসাক লৈ চৰকাৰৰ হেতালি : অসাৰ হিমন্ত বিশ্বৰ আশ্বাস

উল্লেখযোগ্য যে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়খন ভ্ৰমণ কৰি জিলা চিকিৎসালয়লৈ উন্নীত কৰাৰ কথা ঘোষণা কৰাৰ লগতে চিকিৎসালয়খনত উপযুক্ত সা-সুবিধা প্ৰদান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰাৰ এবছৰ উকলি যোৱাৰ পিছতো কোনো পৰিৱৰ্তন নহ’ল । যাৰফলত প্ৰসূতিৰ অস্ত্ৰোপচাৰৰ সময়ত যোৰহাটৰ চিকিৎসালয়ৰ পৰা প্ৰসূতিৰ আত্মীয়ই তেজ আনি  দিলেহে প্ৰসূতিৰ জীৱন ৰক্ষা পৰে ৷ 

জিলা গঠন হোৱা এতিয়া দুবছৰ  সম্পূৰ্ণ হ’বৰ হ’ল যদিও জিলাখনৰ মূল চিকিৎসালয়খনৰ এই ৰূপে জিলাবাসীৰ অৱস্থা পানীত হাঁহ নচৰা কৰি তুলিছে । 
যাৰ পৰিপ্ৰেক্ষিতত আজি চিকিৎসালয়খনৰ উন্নীতকৰণ, প্ৰতিটো বিভাগত বিশেষজ্ঞ চিকিৎসক নিযুক্তিৰ লগতে সকলো সমস্যা সমাধানৰ দাবীত যুৱ-ছাত্ৰ পৰিষদ, মাজুলী জিলা সমিতিয়ে চিকিৎসালয়ৰ প্ৰাঙ্গণত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । 

ৰাইজ তথা সংগঠনসমূহে বাৰম্বাৰ জনাই অহা অভিযোগ তথা প্ৰতিবাদৰ পিছতো এতিয়ালৈকে গা নলৰা স্বাস্থ্য বিভাগে পৰৱৰ্তী সময়ত এইক্ষেত্ৰত কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ’ব ।

Your Comments