জুৰীয়াৰ পৰা উত্তম কুমাৰ বৰা
নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ ২৬গৰাকী সাংবাদিকক অসম চৰকাৰৰ জনসংযোগ বিভাগে প্ৰদান কৰা সাংবাদিকৰ স্বীকৃতি-পত্ৰ আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় । এই উপলক্ষে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত নগাঁও জিলা উন্নয়ন আয়ুক্ত পুনম ৰাও বৰাই সাংবাদিকসকলক আনুষ্ঠানিকভাৱে স্বীকৃতি-পত্ৰ প্ৰদান কৰে ।
স্বীকৃতি-পত্ৰ প্ৰদান কৰি দিয়া ভাষণত উন্নয়ন আয়ুক্তগৰাকীয়ে অসম চৰকাৰে ৰাজ্যখনৰ সাংবাদিকসকলৰ কল্যাণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে আলোকপাত কৰি সাংবাদিকসকলক এই সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।
অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা জনসংযোগ বিষয়া সমৰ কলিতাই জিলা জনসংযোগ বিভাগে সাংবাদিকসকলৰ স্বীকৃতি-পত্ৰ পাবৰ বাবে লোৱা পদক্ষেপৰ কথা উল্লেখ কৰি ৰাজ্যিক জনসংযোগ বিভাগে নগাঁও জিলাৰ ২৬গৰাকী সাংবাদিকক স্বীকৃতি-পত্ৰ প্ৰদান কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ।
কলিতাই সাংবাদিকসকলে চিকিৎসা সেৱাকে ধৰি বিভিন্ন সা-সুবিধা লাভ কৰিব পাৰিব বুলিও উল্লেখ কৰে । সভাত নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকা, নগাঁও এক্ৰিডিয়েচন কমিটীৰ সদস্য জিতেন বৰকটকী আদিয়ে অংশগ্ৰহণ কৰি সাংবাদিকসকলৰ সমস্যাৰ বিষয়ে উল্লেখ কৰে ।
অনুষ্ঠানত স্বীকৃতি-পত্ৰ লাভ কৰা সাংবাদিকসকলৰ হৈ পলাশ ৰঞ্জন দাস আৰু প্ৰাঞ্জল বৰদলৈয়ে নিজৰ অনুভৱ ব্যক্ত কৰে । অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক হৰেশ্বৰ বৰাইও অংশগ্ৰহণ কৰে । সাংবাদিকসকলক স্বীকৃতি প্ৰদান কৰাৰ বাবে নগাঁও জিলা আপকুয়ে জিলা প্ৰশাসনক কৃতজ্ঞতা জ্ঞাপন কৰে ।
স্বীকৃতি-পত্ৰ লাভ কৰা সাংবাদিকসকলক জিলা প্ৰশাসন আৰু জিলা জনসংযোগ বিভাগে ফুলাম গামোচাৰে আদৰণি জনায় ।
- Log in to post comments
- 19 views