বঙাইগাঁৱত পূজা সমিতিৰে জিলা প্ৰশাসনৰ সভা

বঙাইগাঁৱত পূজা সমিতিৰে জিলা প্ৰশাসনৰ সভা

সমাগত দুৰ্গাপূজা উপলক্ষে পূজা আয়োজক সমিতিসমূহৰ বিষয়ববীয়াসকলৰ লগত পূজা সুকলমে অনুষ্ঠিত কৰা সন্দৰ্ভত বঙাইগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা এখন সভা অনুষ্ঠিত কৰা হয়৷ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে উপায়ুক্ত বাবুলাল শৰ্মাই

 সভাত দুৰ্গাপূজা উদ্‌যাপন কৰোঁতে কি কি নীতি-নিৰ্দেশনা মানি চলিব লাগিব সেই বিষয়ে উপায়ুক্ত শৰ্মাই বিতংভাৱে পূজা সমিতিসমূহক অৱগত কৰে ৷ তেওঁ কয় যে পূজা সমিতিসমূহে উপযুক্তভাৱে জিলা প্ৰশাসনৰ পৰা অনুমতি ল'ব লাগিব ৷

তেওঁলোকে অগ্নিনিৰ্বাপক সঁজুলি মজুত ৰাখিব লাগিব ৷ পুৱা ৭.৩০ বজাৰ পৰা নিশা ১১ বজালৈ পূজাৰ মেলা থাকিব ৷ সাংস্কৃতিক অনুষ্ঠান থাকিলে নিশা ১২ বজাৰ ভিতৰত সামৰিব লাগিব ৷ যদি ১২ বজাৰ পিছত সাংস্কৃতিক অনুষ্ঠান চলাই নিব খোজে তাৰবাবে সমিতিসমূহে আছুতীয়াকৈ অনুমতি ল'ব লাগিব ৷

পূজাস্থলীত পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰিব লাগিব ৷ কোনোধৰণৰ জুৱা পাতিবলৈ অনুমতি দিয়া নহ'ব ৷ উচ্চ শব্দ সৃষ্টিকাৰী ফটকা বা আতচবাজি ফুটাব নোৱাৰিব ৷ পূজাস্থলীত চিচি টিভি কেমেৰাৰ ব্যৱস্থা থাকিব লাগিব বুলিও কয় ৷

আনহাতে, আৰক্ষী অধীক্ষক হৃদয়জিৎ বৰ্মনে সভাত কয় যে পূজা সমিতিসমূহে পূজাস্থলীত ২৪ ঘণ্টাই স্বেচ্ছাসেৱক ৰাখিব লাগিব ৷ পুৰুষ-মহিলাৰ পৃথক প্ৰৱেশ তথা প্ৰস্থানৰ পথ থাকিব লাগিব ৷ তেওঁ পূজা সমিতিসমূহৰ বিষয়ববীয়াসকলক যদি পূজাস্থলীত পৰিত্যক্ত বেগ আদি পায় তেতিয়াহ'লে ততালিকে আৰক্ষীক জনাবলৈ আহ্বান জনায় ৷

বঙাইগাঁৱত পূজা সমিতিৰে জিলা প্ৰশাসনৰ সভা

এপিডিচিএলৰ বঙাইগাঁও বৈদ্যুতিক সংমণ্ডলৰ এছ ডি অ'ই পূজা সমিতিসমূহক পূজাৰ কিছুদিন আগতেই বিদ্যুৎ সংযোগৰ বাবে আবেদন জনাবলৈ অনুৰোধ জনায় ৷ তদুপৰি, আৰ্থিঙৰ ব্যৱস্থাও কৰিবলৈ কয় যাতে বিদ্যুতৰ পৰা কোনো ধৰণৰ অবাঞ্চিত ঘটনা নঘটে ৷

সভাত অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াই পূজাৰ গে'টসমূহ অন্তত: ১২ ফুট ওখকৈ সাজিবলৈ পূজা সমিতিসমূহক আহ্বান জনাই কয় যে যাতে প্ৰয়োজনত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন সহজে গে'ট পাৰ হৈ যাব পাৰে ৷

তদুপৰি, তেওঁ পানী, বালি আদি অগ্নিনিৰ্বাপণৰ সামগ্ৰী পূজাস্থলীত মজুত ৰাখিবলৈ অনুৰোধ জনায় ৷ সভাত উপায়ুক্তগৰাকীয়ে কয় যে বিজয়া দশমীৰ দিনা সন্ধিয়া সাত বজাৰ ভিতৰত প্ৰতিমা বিসৰ্জন কাৰ্য সমাপ্ত কৰিব লাগিব ৷

বিসৰ্জনৰ দিনা যি পূজা সমিতিয়ে বিসৰ্জন যাত্ৰা শৃংখলাবদ্ধভাৱে কৰে তেওঁলোকক পুৰস্কাৰ প্ৰদান কৰা হ'ব ৷ সেইদৰে বঙাইগাঁও পৌৰসভাৰ সভাপতি দীপু চৌধুৰীয়ে পৰিষ্কাৰ-পৰিছন্নতা অটুট ৰখা তিনিখন পূজা সমিতিক প্ৰথম পুৰস্কাৰ হিচাপে ১০ হেজাৰ টকা, দ্বিতীয় পুৰস্কাৰ ৫ হেজাৰ টকা আৰু তৃতীয় পুৰস্কাৰ হিচাপে ৩ হেজাৰ টকা আগবঢ়াব বুলি কয় ৷ সভাত জিলাৰ অতিৰিক্ত উপায়ুক্তসকলো উপস্থিত থাকে ৷

Your Comments