মৃত পশু পুতি পৰিৱেশ নিকাকৰণৰ ব্যতিক্ৰমী প্ৰয়াস হিতেশ বৰুৱাৰ

মৃত পশু পুতি পৰিৱেশ নিকাকৰণৰ ব্যতিক্ৰমী প্ৰয়াস হিতেশ বৰুৱাৰ

জামুগুৰিহাটৰ পৰা প্ৰণৱজ্যোতি ভট্টাচাৰ্য 

চতিয়াৰ পশ্চিম নাগশংকৰ বেচৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক হিতেশ বৰুৱা ৷ বিগত ৯ বছৰে বিনা বেতনে শিক্ষাদান কৰি অহা এইজন ভূগোল শিক্ষকক আৰ্থিক অভাৱে জুৰুলা কৰিছে ৷ তথাপিও কিন্তু তেওঁ মানসিকভাৱে এজন ধনাঢ্য ব্যক্তি ৷

যোৱা ৫ বছৰে তেওঁ এক ব্যতিক্ৰমী ধৰণেৰে পৰিৱেশৰ সেৱা কৰি আহিছে ৷ ৰাজপথত বাছ, ট্ৰাক বিশেষকৈ নৈশ বাছৰ খুন্দাত বহু ছাগলী, কুকুৰ, গৰু আদি পশুৰ মৃত্যু ঘটে ৷ ৰাজপথৰ দাঁতিত বাস কৰা বহু শিক্ষিত ব্যক্তিয়ে এনে পশুৰ মৃতদেহ দেখিও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে ৷

বৰং দুৰ্গন্ধৰ লগতহে সহাৱস্থান কৰে ৷ হিতেশে বৰুৱাই কিন্তু এনে মৃতদেহ দেখা পালে ওচৰৰ গৃহস্থৰ ঘৰৰ পৰাই কোৰ এখন খুজি আনি, পথৰ দাঁতিত গাঁত খান্দি মৃতদেহ পুতি থৈহে পুনৰ নিজৰ কাম কৰে ৷

বহু লোকে তেওঁক প্ৰশংসা কৰিছে যদিও ইতিকিং কৰা মানুহো নোহোৱা নহয় ৷ বহুতে আকৌ তেওঁৰ এই সমাজসেৱাক স্বচ্ছ ভাৰত অভিযানৰ অংশ বুলিও ভুল কৰে ৷ কিন্তু কোনোধৰণৰ নাম কিনাৰ পক্ষপাতী নোহোৱা হিতেশ বৰুৱাই ইতিমধ্যে এদল সহযোগী সৃষ্টি কৰিবলৈ সক্ষম হৈছে ৷ 

Your Comments