কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ
হাতী খেদিবলৈ গৈ শাৰীৰিকভাৱে অপদস্থ হ'ল বন বিষয়া । দেওবাৰে নিশা সোণাৰি-কামাখ্যা অঞ্চলত হাতী ওলোৱাৰ খবৰ পাই সোণাৰিগাঁও উপ-খণ্ড বন বিষয়া ত্ৰিগুণ তালুকদাৰৰ নেতৃত্বত এটি বনকৰ্মীৰ দলে হাতী খেদিবলৈ বুলি ওলাই যোৱাৰ পথত কেইজমান উদণ্ড যুৱকৰ আক্ৰমণৰ বলি হ'বলগা হয় ।
জানিব পৰা মতে, স্হানীয় মিৰিভেটি গাঁৱৰ জনৈক প্ৰফুল্ল মহন্ত নামৰ এজন যুৱকৰ নেতৃত্বত অহা তিনিজনীয়া এটি যুৱকৰ দলে বন বিভাগৰ কৰ্তব্যৰত বনকৰ্মী দলটোৰ বন বিষয়াগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰে ।
ইতিমধ্যে ঘটনা সম্পৰ্কে শিলঘাট আৰক্ষী চকীত যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানেও আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাত বন বিভাগৰ ভিতৰচ'ৰাত ক্ষোভিত হোৱা পৰিলক্ষিত হৈছে । ইফালে উক্ত এলেকাটোত অধিক বনকৰ্মী নিয়োগৰ দাবী জনাইছে স্হানীয় ৰাইজে ।
- Log in to post comments
- 47 views