বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম
সমগ্ৰ ভাৰতবৰ্ষৰ ৫০ কোটি মানুহক সামৰি ভাৰত চৰকাৰে ৰূপায়ণ কৰা প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনাৰ আয়ুস্মান ভাৰত আঁচনিৰ স্মাৰ্টকাৰ্ড ধুবুৰী জিলাত বিতৰণৰ শুভাৰম্ভ কৰে পূব বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে ।
দেওবাৰে বিধায়কগৰাকীয়ে জিলাখনৰ বিলাসীপাৰাৰ অন্তৰ্গত ৰাণীগজ্ঞ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এক সভাত আনুষ্ঠানিকভাৱে স্বাস্থ্য বিভাগৰ এই অভিলাষী আঁচনিখনৰ স্মাৰ্টকাৰ্ড বিতৰণৰ শুভাৰম্ভ কৰে ।
প্ৰথম অৱস্থাত বিলাসীপাৰা উন্নয়ন খণ্ডৰ মুঠ ৭,৭৯৬গৰাকী ব্যক্তিক সাঙুৰি লোৱা হৈছে এই আঁচনিখনত । ইপিনে একেদিনাই ৰাণীগজ্ঞ শিৱ মন্দিৰত এম এছ ডি পি আঁচনিৰ অধীনত ৪ লাখ টকা ব্যয়সাপেক্ষে পকী দেৱালৰ আধাৰশিলা স্থাপন কৰে বিধায়ক অশোক কুমাৰ সিংহীয়ে ৷
- Log in to post comments
- 6 views