জুৰীয়াৰ পৰা উত্তম কুমাৰ বৰা
অসমৰ পয়ালগা শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে বিভাগটোৱে বিভিন্ন আঁচনি গ্ৰহণ কৰি অহাৰ সময়তে শিক্ষা বিভাগৰ নীতি-নিৰ্দেশনাক অংগুষ্ঠ দেখুৱাই জুৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ত এতিয়া অনিয়মেই নিয়ম হৈ পৰিছে ।
আমাৰ হাতত পৰা তথ্য আৰু অভিযোগ মতে, জুৰীয়া শিক্ষা খণ্ডৰ অধীনস্থ পশ্চিম গদাইমাৰী হাজী জিকিৰিয়া বালিকা মোক্তাৱ বিদ্যালয়ৰ শিক্ষক জিয়াউৰ ৰহমানে বিগত দুমাহ ধৰি অকৰ্তৃত্বশীলভাৱে বিদ্যালয়ত অনুপস্থিত থকাত দুজনীয়া শিক্ষকৰ বিদ্যালয়খনত ব্যাপক সমস্যাৰ সৃষ্টি হৈ আহিছে ।
শিক্ষকগৰাকীয়ে নীতি বহিৰ্ভূতভাৱে বিদ্যালয়ত অনুপস্থিত থকা ঘটনাৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়াক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে আবেদন কৰিছিল যদিও অতি আশ্চৰ্যজনকভাৱে বিভাগে শিক্ষকজনৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বিপৰীতে নিয়মীয়াকৈ দৰমহা লাভ কৰিবলৈহে সক্ষম হৈছে ।
অভিযোগ মতে, খণ্ড প্ৰাথমিক শিক্ষা বিষয়াগৰাকীৰ সৈতে থকা গোপন বুজাবুজিৰ বাবেই শিক্ষকজনৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পৰা বিৰত আছে । উল্লেখ্য যে কেৱল মাহটোৰ দৰমহাৰে পৰিয়াল পোহপাল দি অহা শিক্ষকসকলে সাধাৰণ কাম এটাৰ বাবে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আবুল খায়েৰক উৎকোচ দিয়াটো এক নিয়মত পৰিণত হৈ আহিছে ।
জুৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়টো এইগৰাকী বিষয়াই বজাৰ গৃহলৈ পৰ্যৱসিত কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া যদিও ঊৰ্ধ্বতন কৰ্তৃপক্ষই এই ক্ষেত্ৰত প্ৰদৰ্শন কৰি অহা উদাসীনতাও ৰহস্যজনক।
- Log in to post comments
- 16 views