নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
পৱিত্ৰ মহালয়াই ধৰণীলৈ বোৱাই আনিলে শাৰদীয় দুৰ্গোৎসৱক । বৰ্তমান সময়ত সৰ্বতে মা দুৰ্গাক আদৰাৰ ব্যাপক প্ৰস্তুতি । সকলোৰে মাজত আনন্দ, উৎসাহ-উদ্দীপনা । সেই সময়তে সোমবাৰে মহালয়াই পৃথিৱীলৈ শুভ আগমন জনালে মা দুৰ্গাক ।
আজি নগাঁৱৰ ঐতিহ্যমন্দিত সোণাইপাৰ গৌৰীনাথ শিৱমন্দিৰত সমূহ ভক্তপ্ৰাণ ৰাইজে পুৱা সোণাই নৈৰ দুয়োপাৰে ৰাজপথত প্ৰভাত ফেৰী কৰাৰ পাছতে মহালয়াৰ পাৰ্বণ শ্ৰাদ্ধৰ প্ৰাক্ক্ষণত তৰ্পণ কাৰ্যসূচী সম্পন্ন কৰে ।
দুপৰীয়া এক নাম-প্ৰসংগৰ কাৰ্যসূচীৰে ঈশ্বৰৰ চৰণত শৰাই আগৱঢ়োৱা হয় । ১৫ অক্টোবৰৰ পৰা পোন প্ৰথমবাৰৰ বাবে গৌৰীনাথ শিৱমন্দিৰত অনুষ্ঠিত হ'ব শাৰদীয় দুৰ্গোৎসৱ । সহস্ৰাহিক ভক্তৰ সমাগমেৰে উদুলি-মুদুলি হ'ব ঐতিহ্যমণ্ডিত গৌৰীনাথ শিৱমন্দিৰৰ বাকৰি ।
উপস্থিত থাকিব বহু মন্ত্ৰী-বিধায়কৰ লগতে ধিং এক্সপ্ৰেছ খ্যাত হিমা দাস ।
- Log in to post comments
- 15 views