কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ
কলিয়াবৰ থানাৰ অন্তৰ্গত কুঁৱৰীটোল তৰুণ সংঘৰ সন্মুখৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত অঘটন ৷ ঘাইপথৰ কাষত থকা এজোপা আহঁত গছৰ বৃহৎ আকাৰৰ এটা ডাল হঠাৎ যাত্ৰীবাহী ট্ৰেভেলাৰ এখনৰ ওপৰত খহি পৰাত দুৰ্ঘটনাগ্ৰস্ত হয় বাহনখন ।
আজি বিয়লি প্ৰায় ৪.৩০ বজাত নগাঁৱৰ পৰা যোৰহাট অভিমুখে আহি থকা এ এছ-০৩ বি চি-২০২২ নম্বৰৰ যাত্ৰীবাহী ট্ৰেভেলাৰখনৰ ওপৰত গছৰ ডাল ভাঙি পৰাৰ ফলত চালকসহ দুজন যাত্ৰী গুৰুতৰভাৱে আহত হয় ।
আহতসকলৰ ভিতৰত ডেনগাঁৱৰ বাবুল বসুমতাৰী (৪২), নগাঁও ২নং কাটনি গাঁৱৰ বিপুল আলী (২৪), যোৰহাট চাৰেঙ্গিয়াৰ জিতুমণি কলিতা (৫০) বুলি জানিব পৰা গৈছে ।
আহত লোককেইজনক লগে লগে জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
- Log in to post comments
- 56 views