লংকাৰ পৰা মনোজ কুমাৰ পাঠক
উত্তৰ প্ৰদেশ আৰক্ষী আৰু এ টি এছে হিজবুল মুজাহিদীনৰ লগত জড়িত থকাৰ অভিযোগত ১৩ ছেপ্টেম্বৰ তাৰিখে কানপুৰৰ পৰা কমৰুজ্জামানক আটক কৰি জেৰা কৰাৰ দিন উকলি যোৱাৰ পাছত অসম আৰক্ষীয়ে নিজাববীয়াকৈ তৰা গোচৰত শনিবাৰে কমৰুজ্জামানক অসমলৈ অনা হয় ।
কমৰুজ্জামানক অসমলৈ অনা সন্দৰ্ভত আজি হোজাইৰ শংকৰদেৱ নগৰস্থিত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অসম আৰক্ষীয়ে এক সংবাদমেলৰ আয়োজন কৰে ।
সংবাদমেল সম্বোধন কৰি ডি আই জি প্ৰশান্ত কুমাৰ ভূঞাই কমৰুজ্জামানক ১১ অক্টোবৰ তাৰিখৰ পূৰ্বে পুনৰ 'নিয়া'ক ঘুৰাই দিব লাগিব বুলি জানিবলৈ দিয়ে ।
লগতে জানিবলৈ দিয়ে যে অসম আৰক্ষীয়ে নিজাববীয়াকৈ পঞ্জীয়ন কৰা গোচৰটোও 'নিয়া'ক চমজাই দিয়া হৈছে । উল্লেখ্য যে গ্ৰেপ্তাৰ হোৱাৰ এমাহ পূৰ্বে কমৰুজ্জামান অসমলৈ অহাৰ খবৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নত ডি আই জিগৰাকীয়ে দায়সৰা মন্তব্য প্ৰদান কৰে ।
লগতে আগন্তুক দুৰ্গাপূজাত কোনোধৰণৰ কূটাঘাতমূলক ঘটনা সংঘটিত হোৱাৰ কোনো সম্ভাৱনা নাই বুলি উল্লেখ কৰি সকলো ৰাইজক নিশ্চিন্ত মনে পূজা উপভোগ কৰিবলৈ আহ্বান জনায় ।
- Log in to post comments
- 11 views