মৰিগাঁৱৰ পৰা জিতুমণি নাথ
মৰিগাঁও বাচনা ঘাটত নৱনিৰ্মিত আৰ ডি মটৰ্ছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ভূমি বেদখলৰ এক গুৰুতৰ অভিযোগ উঠা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে । এই অভিযোগ তুলিছে পৰিয়ালৰ হৈ ছেহনাজ খানম নামৰ মহিলাগৰাকীয়ে ।
অভিযোগ অনুসৰি, আৰ ডি মটৰ্ছক বিক্ৰী কৰা মাটি পৰিমাণ মতেই পূৰ্বে সীমা চমজি লৈছিল ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে । সেই সীমাতে নিৰ্মাণ কৰিছিল পকা খুঁটি প্ৰতিষ্ঠানটোৱে । অভিযোগকাৰীয়ে ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে ক্ৰয় কৰা সীমালৈ ঘৰ ভাঙি দখলমুক্ত কৰি দিছিল ।
পিছে আজি পুনৰ পূৰ্বৰ সীমাৰ বিপৰীতে গোটেই ঘৰটোকে মৰিবিলৰ পাৰলৈ দখল কৰাৰ লক্ষ্যৰে কেৱল আৰক্ষী আৰু চি আৰ পি এফ জোৱানক লগত লৈ দেৱাল নিৰ্মাণ কৰাত হতভম্ব হৈ পৰে পৰিয়ালটো ।
মাটি বিক্ৰী কৰা ছেহনাজ খানমৰ মতে এয়া ব্যৱসায় প্ৰতিষ্ঠানটোৱে বলপূৰ্বকভাৱে নিৰ্মাণকাৰ্য আৰম্ভ কৰিছে নিজৰ ক্ষমতাৰে । ইয়াক কোনো কাৰণতে মানি লোৱা নহ'ব । এই বিচাৰ আদালতৰ মজিয়াতহে হ'ব বুলি হুংকাৰ প্ৰদান কৰে ।
পৰিয়ালৰ অভিযোগ, চৰকাৰী বিলখনৰ পৰা তিনি নল মাটি তৰ্জু । প্ৰশ্ন উঠিছে, ম্যাদীমাটি ক্ৰয় কৰাৰ নামত কৌশলেৰে মৰিগাঁও মৰিবিলৰ তৰ্জু মাটি বেদখলত নামিছেনেকি ব্যৱসায় প্ৰতিষ্ঠানটোৱে । আনহাতে, ব্যৱসায় প্ৰতিষ্ঠানটোৰ পক্ষত থিয় দিছে অভিযোগকাৰীৰ জ্যেষ্ঠ ভাতৃ আৰু বৌৱেক ।
এই দুই জ্যেষ্ঠ ভাতৃ আৰু বৌৱেকৰ প্ৰতি অভিযোগ ব্যৱসায় প্ৰতিষ্ঠানটোক মাটি বিক্ৰী কৰোঁতে সকলোৰে মত সাপেক্ষত সমুদায় বিক্ৰী কৰা হৈছিল উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা দুই জ্যেষ্ঠ ভাতৃৰ অংশৰ মাটি ।
এইখিনিতে প্ৰশ্ন হয়, কিয় চক্ৰ বিষয়া বা মণ্ডলে ব্যৱসায় প্ৰতিষ্ঠানটোক এই মাটি চমজি দিয়াৰ পৰা বিৰত থাকিল । সি যি কি নহওক, সম্প্ৰতি মৰিগাঁৱৰ সচেতন মহলৰ দাবী ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে ।
- Log in to post comments
- 12 views