শাৰদীয় দুৰ্গোৎসৱ ওচৰ চাপি অহাৰ লগে লগে ২০ শতাংশ বোনাচৰ দাবীত আজি বঙাইগাঁৱৰ বীৰঝৰা চাহ বাগিচাৰ শ্ৰমিকসকলে কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ চাহ বাগিচাখনৰ কৰ্তৃপক্ষই শ্ৰমিকসকলক ২০ শতাংশ বোনাচ দিবলৈ অমান্তি হোৱাত শ্ৰমিকসকলে পুৱা কৰ্মবিৰতি পালন কৰাৰ লগতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷
পঞ্চায়ত সমন্বয় সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা শ্ৰমিকসকলে ''আমাক ২০ শতাংশ বোনাচ লাগিবই, আমাৰ দাবী ন্যায্য দাবী, পূজাৰ বোনাচ শীঘ্ৰে আদায় দিয়ক'' আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাৰ কৰি তোলে ৷
শ্ৰমিকসকলে দুৰ্গাপূজাৰ পূৰ্বে ২০ শতাংশ বোনাচ লাগিবই বুলি স্পষ্ট কৰি দিয়াৰ লগতে যদিহে শ্ৰমিকসকলৰ দাবী কৰ্তৃপক্ষই পূৰণ নকৰে তেতিয়াহ'লে পুনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও কয় ৷
বাগিচা কৰ্তৃপক্ষই লোকচানৰ অজুহাত দেখুৱাই শ্ৰমিকসকলক ২০ শতাংশ বোনাচ দিব নোৱাৰে বুলি কৈ আহিছে যদিও শ্ৰমিকসকলৰ মতে মালিক পক্ষই মিছা মাতিছে ৷ কাৰণ লোকচান হোৱাৰ কথাই নাহে ৷
কাৰণ মালিক পক্ষই শ্ৰমিকসকলৰ আৱাস গৃহ মেৰামতি কৰা নাই, কেজুৱেল শ্ৰমিকসকলক কোনো আৱাস গৃহ দিয়া নাই, চিকৎসাৰ সু-ব্যৱস্থা নাই, খোৱাপানীৰ বহু অসুবিধা ৷ গতিকে এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰতো মালিকপক্ষই কোনো খৰচ কৰা নাই ৷
তাৰ পিছতো কৈ আহিছে লোকচানৰ কথা ৷ আমি জনাত কোনো লোকচান হোৱা নাই ৷ শ্ৰমিকসকলে সদায়ে নিজৰ কৰ্তব্য কৰি আহিছে ৷ দুদিন-তিনিদিৰ পিছে পিছে দুই-তিনিখন ট্ৰাকযোগে চাহপাত গৈ আছে ৷ গতিকে আমাক বোনাচ লাগিবই ৷
তাৰোপৰি প্ৰতি বছৰে পূজা আহিলে মালিকপক্ষই বোনাচ দিয়াৰ সময়ত নানা অজুহাত দেখুৱাই অহা বুলিও অভিযোগ কৰে ৷ উল্লেখ্য যে শুকুৰবাৰে সন্ধিয়াও শ্ৰমিকসকলে ২০ শতাংশ বোনাচৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷
- Log in to post comments
- 6 views