গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
যোৱা ৫ অক্টোবৰৰ দিনা জিলা উপায়ুক্তৰ কাৰ্যালয়ত জুলাই মাহৰ জিলা উন্নয়ন সমিতিৰ সভা অনু্ষ্ঠিত হৈ যায় ৷ সভাত সভাপতিত্ব কৰি উপায়ুক্ত গৌৰৱ বোথ্ৰাই বিভিন্ন বিভাগৰ অধীনত ৰূপায়িত হৈ থকা আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লয় ৷
সভাৰ আৰম্ভণিতে উপায়ুক্তগৰাকীয়ে বাৰিষা সময় অন্ত পৰাৰ হেতুকে বিভাগসমূহক নতুন উদ্যমেৰে বিভাগীয় লক্ষ্যসমূহ পূৰণ কৰিবলৈ আহ্বান জনায় ।
সভাত CIDF (City Infrastructure Development Fund)ৰ অধীনত গোলাঘাট চহৰত ৰূপায়ণ কৰিবলৈ লোৱা আঁচনি সম্পৰ্কত আৰু ইয়াৰ অগ্ৰগতিৰ সম্পৰ্কত নগৰ আৰু গাঁও পৰিকল্পনাৰ উপ-সঞ্চালক শংকৰ প্ৰসাদ বিশ্বাসে বিতংভাবে অৱগত কৰে ।
উপায়ুক্ত গৌৰৱ বোথ্ৰাই আগন্তুক পূজা উৎসৱৰ সময়ত বিভাগসমূহে পালন কৰিবলগীয়া দায়িত্ব সম্পৰ্কে সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনাই স্বচ্ছতা সম্পৰ্কত বিশেষ গুৰুত্ব আৰোপ কৰে । আইন-শৃংখলা পৰিস্থিতিৰ যাতে অৱনতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অবৈধ সুৰাৰ বিৰু্দ্ধে অভিযান চলাই থাকিবলৈ উপায়ুক্তগৰাকীয়ে আৱকাৰী বিভাগক নিৰ্দেশ দিয়ে ।
পঞ্জীয়ন নথকা ই-ৰিক্সাক চহৰত প্ৰৱেশৰ অনুমতি নিদিবলৈ আৰু এই সম্পৰ্কত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা পৰিবহণ বিষয়াক উপায়ুক্তই নিৰ্দেশ দিয়ে ।
লগতে, প্ৰথম পৰ্যায়ত গোলাঘাট চহৰত চলোৱা উচ্ছেদ অভিযানৰ পাছত পুনৰ যাতে অবৈধ দখলকাৰীসকলে পুনৰ দখল কৰিব নোৱাৰে তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ আৰু প্ৰয়োজনত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান চলাবলৈ পৌৰসভাক আহ্বান জনায় ।
বন্যজাত সামগ্ৰীৰ অভাৱত যাতে গড়কাপ্তানী বিভাগৰ নিৰ্মাণ কামত কোনো প্ৰভাৱ নপৰে তাৰ ব্যৱস্থা ল'বলৈ বন সংমণ্ডল প্ৰাধিকাৰীক উপায়ুক্তগৰাকীয়ে আহ্বান জনায় ।
সভাত বিভাগীয় মুৰব্বী বিষয়াসকলৰ উপৰি জিলা উন্নয়ন আয়ুক্ত ফৰিদ আহমেদ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অভিজিৎ বৰুৱা, গোলাঘাট পৌৰসভাৰ সভানেত্ৰী ৰুপাঞ্জলী গগৈ, ধনশিৰি মহকুমাধিপতি বিপুল দাস, বোকাখাত মহকুমাধিপতি বিবেক শ্যাম আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া আৰু বিভাগীয় মুৰব্বীসকল উপস্থিত থাকে ।
- Log in to post comments
- 11 views