ডবকাত গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ নেতৃত্বত দলবদ্ধ আক্ৰমণ : থানাত গোচৰ

ডবকাত গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ নেতৃত্বত দলবদ্ধ আক্ৰমণ : থানাত গোচৰ

ডবকাৰ পৰা জমিৰউদ্দিন তালুকদাৰ

হোজাই জিলাৰ ডবকা থানাৰ অন্তৰ্গত পশ্চিম জাৰুণী গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক মুক্তাৰ হুছেইনৰ নেতৃত্বত এটা দলে স্থানীয় নিৰীহৰ ওপৰত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰাত সমগ্ৰ অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

ডবকাত গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ নেতৃত্বত দলবদ্ধ আক্ৰমণ : থানাত গোচৰ

বাতৰি অনুসৰি, যোৱা ৫ অক্টোবৰৰ সন্ধিয়া স্থানীয় তফজ্জুল হুছেইন নামৰ লোকজনৰ প্ৰতিবেশীৰে থকা সীমাবিবাদ মীমাংসা কৰি দিবলৈ গাঁওৰক্ষী বাহিনীৰ সম্পাদকে মাতি নি এই আক্ৰমণ সংঘটিত কৰে ৷

আক্ৰমণত জ্যেষ্ঠ নাগৰিক তফজ্জুল হুছেইন বেয়াকৈ আহত হয় ৷ শৰীৰৰ বিভিন্ন স্থানত জখম হোৱাৰ লগতে এখন হাত সম্পূৰ্ণৰূপে ভাঙি দিয়ে ৷ বৰ্তমান লোকজন গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে ৷

ডবকাত গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ নেতৃত্বত দলবদ্ধ আক্ৰমণ : থানাত গোচৰ

আক্ৰমণত আহত হয় তেওঁৰ দুই পুত্ৰ ক্ৰমে ইমদাদ হুছেইন আৰু ইমৰান হুছেইন ৷ এই সম্পৰ্কে তফজ্জুল হুছেইনৰ পুত্ৰ ইমৰান হুছেইনে ডবকা থানাত ২৫৬/১৮ নম্বৰত এটা গোচৰ ৰুজু কৰিছে ৷

গোচৰটোত স্থানীয় পশ্চিম জাৰুণী গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক মুক্তাৰ হুছেইন, আব্দুল কৰিম, জিয়াবুৰ ৰহমান, জাইবুৰ ৰহমান, আব্দুল কৰিমক অভিযুক্ত কৰা হয় ৷ ঘটনা সংঘটিত হোৱাৰ প্ৰায় ২৪ ঘণ্টা উকলি যোৱাৰ পিছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে ৷

Your Comments