মৰিগাঁৱৰ পৰা জিতুমনি নাথ
গুণোৎসৱৰ প্ৰাক্-ক্ষণত মৰিগাঁও ধৰমতুল প্ৰাথমিক বিদ্যালয়ত সৃষ্টি হোৱা অচলাবস্হাই চিন্তিত কৰি তুলিছে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক । ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলাৰ ফলতেই আজি দিনটোত বিদ্যালয়খনত এক উত্তপ্ত পৰিৱেশ সৃষ্টিয়ে শৈক্ষিক পৰিৱেশ বিনষ্ট কৰে ।
পাঠদানৰ বিপৰীতে বিদ্যালয়ৰ প্ৰাংগণত তৰ্ক-বিৰ্তক, তলাবন্ধ কাৰ্যসূচী, বিক্ষোভ, ধৰ্ণা, প্ৰতিবাদ আদিৰে উত্তপ্ত হৈ পৰে । এই প্ৰতিবাদ স্থানীয় অভিভাৱকসকলৰ মৰিগাঁও জিলা শিক্ষা বিষয়া আৰু দুই ৰান্ধনীৰ বিৰুদ্ধে ।
এইসকল অভিভাৱকৰ লগতে সুৰ মিলাই শিক্ষাগ্ৰহণৰ মূল্যৱান সময় অপব্যয় কৰি বিদ্যালয়খনৰ কণ কণ ছাত্ৰ- ছাত্ৰীও নামি পৰে প্ৰতিবাদী কাৰ্যসূচীত । প্ৰাপ্ত তথ্য মতে, মামণি আৰু জয়ন্তী নামৰ ৰান্ধনী দুগৰাকীৰ মতানৈক্যৰ বাবেই কেইবা বছৰ ধৰি বিদ্যালয়খনৰ নিয়মীয়া মধ্যাহ্ন ভোজনত জন্মি আহিছে ব্যাঘাত ।
সঘনে ৰান্ধনী ঘৰত লাগি আহিছে তলা । দুয়োগৰাকী ৰান্ধনীক আঁতৰাই ৰাইজে আন তিনিগৰাকী ৰান্ধনীৰ নিয়োগ কৰাৰ বাবে মৰিগাঁও জিলা শিক্ষা বিষয়াৰ ওচৰত বিষয়টো মীমাংসাৰ বাবে যাওঁতে শিক্ষা বিষয়াগৰাকীয়ে ৰাইজক 'হু ইজ পাব্লিক ?
মোৰ স্কুল মোৰ কথা' বুলি অপমান কৰাৰ লগতে পৰিচালনা সমিতিখন ভংগৰ ঘোষণা কৰে । কাজেই ক্ষুব্ধ হৈ পৰে ৰাইজ । ফলত শনিবাৰে এনেদৰেই বিদ্যালয়ৰ প্ৰাংগণত এই কাৰ্যসূচী ৰূপায়ণ কৰি গুণোৎসৱ বৰ্জনৰ সিদ্ধান্ত লয় অভিভাৱকসকলে ।
ধৰমতুলবাসী অভিভাৱকৰ স্পষ্ট কথা, যেতিয়ালৈকে বিদ্যালয়খনৰ এই দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰি ৰাইজৰ ওচৰত ভুল স্বীকাৰ নকৰে তেতিয়ালৈকে সহযোগ নকৰে গুণোৎসৱত ।
এনেক্ষেত্ৰত মৰিগাঁও জিলা শিক্ষা বিষয়া ডঃ তিলক চন্দ্ৰ শইকীয়া তথা জিলা প্ৰশাসনে কি পদক্ষেপ লয় সেয়া হ'ব লক্ষণীয় ।
- Log in to post comments
- 10 views