সদিচ্ছা নে সুবিধাবাদ : পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস ৫ টকাকৈ

সদিচ্ছা নে সুবিধাবাদ : পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস ২.৫০ টকা

জনসাধাৰণক ইন্ধনৰ মূল্যবৃদ্ধিয়ে মাধমাৰ শোধাই জুৰুলা কৰাৰ পাছত "আচ্ছে দিনৰ" কথা কোৱা কেন্দ্ৰীয় চৰকাৰখনে আজি হ্ৰাস কৰিলে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য । হ্ৰাস কৰা ডিজেল আৰু পেট্ৰ'লৰ মূল্য হৈছে ২.৫০ টকা ।

উল্লেখ্য যে ইন্ধনৰ মূল্যবৃদ্ধি সম্পৰ্কত দেশৰ প্ৰধান মন্ত্ৰীয়ে আজি জৰুৰীভাৱে আহ্বান কৰিছিল এক বৈঠক । সেই বৈঠকত উপস্হিত আছিল বিজেপি দলৰ কেন্দ্ৰীয় সভাপতি অমিত শ্বাহ আৰু কেন্দ্ৰীয় পেট্ৰ'লিযাম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ।

এই বৈঠকতে সিদ্ধান্ত লোৱা হয় প্ৰতি লিটাৰ পেট্ৰ'ল আৰু ডিজেলৰ কেন্দ্ৰৰ আবকাৰী শুল্ক ২.৫০ টকাকৈ হ্ৰাস কৰাৰ । তাৰ পাছত এক সংবাদমেল আয়োজন কৰি কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰীগৰাকীয়ে এই কথা জনায় দেশবাসীক ।

সংবাদমেলত ৰাজ্য চৰকাৰসমূহকো শুল্ক হ্ৰাস কৰাৰ বাবে নির্দেশ প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই নিৰ্দেশনাৰ পিছত ৰাজ্য চৰকাৰেও কমালে ২.৫০ টকা আবকাৰী শুল্ক । এতিয়া প্ৰতি লিটাৰ পেট্ৰ'ল আৰু ডিজেলত কমিল মুঠ ৫ টকাকৈ মূল্য ৷ লগতে পেট্ৰ'লিয়াম কোম্পানীসমূহক প্ৰতিলিটাৰত ১ টকাকৈ মূল্য হ্ৰাস কৰা বাবেও নির্দেশ প্ৰদান কৰিছে ।

এই কথা জনাৰ পাছতে মহানগৰীৰ বহুসংখ্যক চিটী বাছ চালক আৰু সাধাৰণ ৰাইজৰ মতামত আমি ল'বলৈ চেষ্টা কৰিছিলোঁ । কিন্তু গাড়ীচালকসকলে মন্তব্য কৰে যে এয়া চৰকাৰখনৰ ভেঁকো-ভাওনাৰ বাহিৰে একো নহয় ।

তেওঁলোকৰ যুক্তি, ৩০ টকা দাম বৃদ্ধি কৰি ২.৫০ টকা হ্ৰাস কৰি তেওঁলোকে আচলতে কি সকাহ দিবলৈ আহিছে দেশৰ জনসাধাৰণক । এয়া কেৱল জনসাধাৰণৰ ওচৰত ভোট ভিক্ষা কৰাৰ এক কৌশল, তাৰ বাহিৰে একো নহয় বুলিও মন্তব্য কৰিলে বহুসংখ্যক ব্যক্তিয়ে ।

এতিয়া প্ৰশ্ন হয়, সঁচাকৈয়ে বাৰু চৰকাৰখনে জনসাধাৰণৰ কথা চিন্তা কৰি পেট্ৰ'ল-ডিজেলৰ মূল্য কমোৱাৰ সিদ্ধান্ত লৈছে নে কেৱল চমক সৃষ্টিৰ বাবেহে গ্ৰহণ কৰিছে এই সিদ্ধান্ত সেয়া সময়তহে লক্ষণীয় হ'ব ।

Your Comments