বঙাইগাঁৱৰ পৰা প্ৰণৱ কুমাৰ ডেকা
বঙাইগাঁও জ্যেষ্ঠ নাগৰিক সন্থাৰ উদ্যোগত তথা বন্ধন বেংকৰ সহযোগত সোমবাৰে চহৰখনৰ গান্ধী ময়দানৰ গাতে লাগি থকা বাৰোৱাৰী ৰাস মন্দিৰ প্ৰাংগণত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস উদযাপন কৰা হয় ৷ বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস উপলক্ষে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে সন্থাৰ সভাপতি লক্ষী কান্ত ৰায়ে ৷ সভাত সন্থাৰ সচিব প্ৰধান বিনোদ ভাগৱতীয়ে উদ্দেশ্য ব্যাখ্যাত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস উদযাপনৰ তাৎপৰ্য দাঙি ধৰে ৷
সভাত বঙাইগাঁৱৰ বিশিষ্ট চিকিৎসক ইতেশ বৰদলৈ, জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী লীনা সিংহ, বন্ধন বেংকৰ বঙাইগাঁও শাখাৰ পৰিচালক অমৰজ্যোতি নাথৰ লগতে সন্থাৰ মুখ্য উপদেষ্টা উমেশ চন্দ্ৰ ভট্টাচাৰ্য, উপদেষ্টা ডাঃ কে এন দেৱ শৰ্মা, সত্যপ্ৰিয় দাস গুপ্তা, ডাঃ ফিৰোজ আহমেদ, বৰদা কান্ত ভাগৱতী, কাৰ্যকৰী সভাপতি অলকেশ চক্ৰৱৰ্তী আদি উপস্থিত থাকি জ্যেষ্ঠ নাগৰিক দিৱস উদযাপন সম্পৰ্কে আৰু জ্যেষ্ঠ নাগৰিকসকলৰ স্বাস্থ্য, বেংক সেৱাৰ ক্ষেত্ৰত জ্যেষ্ঠ নাগৰিকসকলৰ বাবে থকা বিভিন্ন সা-সুবিধা তথা জ্যেষ্ঠ নাগৰিকসকলৰ বিভিন্ন সমস্যা সম্পৰ্কে বক্তব্য ৰাখে ৷
সভাত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস উপলক্ষে চাৰিগৰাকী জ্যেষ্ঠ নাগৰিক ক্ৰমে ৰবীন্দ্ৰ নাথ ভট্টাচাৰ্য, ৰাধা নাথ সূত্ৰধৰ, নকুল চন্দ্ৰ চৌধুৰী আৰু হিমাংশু মিশ্ৰক ফুলাম গামোছা, মান-পত্ৰ আৰু ফুলৰ টোপাৰে সম্বৰ্ধনা জনোৱা হয় ৷ সেইদৰে সন্থাৰ সদস্যা সান্ত্বতাময়ী মজুমদাৰে সাহিত্যক পেঞ্চন লাভ কৰাৰ বাবে তেওঁকো সভাত সম্বৰ্ধনা জনোৱা হয় ৷
ইপিনে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে আয়োজন কৰা বিনামূলীয়া চিকিৎসা শিবিৰ মুকলি কৰে ডাঃ কে এন দেৱ শৰ্মাই ৷ চিকিৎসা শিবিৰত বিভিন্ন ৰোগৰ চিকিৎসক উপস্থিত থাকি জ্যেষ্ঠ নাগৰিকসকলক চিকিৎসা সেৱা আগবঢ়ায় ৷ উল্লেখ্য যে বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱসৰ অনুষ্ঠানত জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আদিক সন্থাৰ তৰফৰ পৰা আমন্ত্ৰণ জনাইছিল যদিও মূৰকত কোনো এগৰাকী উপস্থিত নোহোৱাত জ্যেষ্ঠ নাগৰিকসকলে ক্ষোভ প্ৰকাশ কৰে ৷
আনকি স্থানীয় বিধায়ক তথা মন্ত্ৰীগৰাকীও বিশেষ অসুবিধাৰ বাবে উপস্থিত থাকিব নোৱাৰিলে ৷ ইপিনে পুৱাৰ ভাগত সন্থাৰ পতাকা উত্তোলনেৰে দিৱসৰ কাৰ্যসূচী মুকলি কৰে সন্থাৰ সভাপতি লক্ষী কান্ত ৰায়ে ৷
- Log in to post comments
- 17 views