লংকাত চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ পুতৌ লগা আন্তঃগাঁথনি

ৌৌ

আন্তঃগাঁথনিৰ অভাৱত গাৱলীয়া ক্লাৱতেই পাঠদান ছাত্ৰ-ছাত্ৰীক | আগন্তোক গুণোত্বসৱ বৰ্জনৰ সিদ্ধান্ত বিদ্যালয়খনৰ মেনেজিক সমিতিৰ ৷ শিক্ষা বিভাগ বা বিভাগীয় মন্ত্ৰীয়ে যিমানেই শিক্ষা বিভাগৰ উন্নতি হৈছে বুলি ডাংকোৱ নামাৰক কিয় সকলো যেন বৰ্তমান ফোপোলা স্বৰূপত পৰিণত | শিক্ষা বিভাগৰ তেনে এক পুতৌ লগা দৃশ্য দেখিৱলৈ পোৱা গল লংকাৰ এখন বিদ্যালয়ত |

হয়, এয়া হোজাই জিলাৰ লংকা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত পশ্চিম জুঠাংৱস্তি প্ৰাথমিক বিদ্যালয়ৰ পুতৌ লগা দৃশ্য | নামত চৰকাৰী প্ৰাথমিক বিদ্যালয় যদিও আজিলৈকে নহ'ল বিদ্যালয়খনৰ কোনো উন্নতি | মাত্ৰ ভঙা-চিঙা এটি সৰু কোঠা আৰু গাঁৱৰ ক্লাৱৰ এটি কোঠা লৈয়ে পাঠদান চলাই থকা হৈছে চৰকাৰী বিদ্যালয়খনত |  আনহাতে আকৌ বিদ্যালয়খনত একেটা কোঠাতেই তিনিটাকৈ শ্ৰেণী ৷

্্

এটা শ্ৰেণীকোঠাত শিক্ষকে পঢালে আন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক এনেই বহাই থৱ লগা অৱস্হা | পাঁচটা শ্ৰেণী থকা উক্ত বিদ্যালয়খনত ১১৬ জন ছাত্ৰ-ছাত্ৰীক দুয়োটা কোঠাত একেলগে পঢ়াৱ নোৱাৰি ৷ শিক্ষকে বাহিৰৰ গছৰ তলতেই পাঠদান চলাৱ লগা হৈছে | দৰাচলতে এটা কথা ক'ব লাগিৱ যে, ২০১৩ চনতেই চৰকাৰী কৰণ হোৱা উক্ত বিদ্যালয়খনৰ একো উন্নতি নোহোৱা হেতুকে বিদ্যালয়খনত প্ৰথম গুনোত্বসৱ পতাৰ পিছতো চৰকাৰৰ ফালৰ পৰা আন্তঃগাঁথনিৰ উন্নতিৰ ক্ষেত্ৰত একো নোপোৱাত, দ্বিতীয় গুণোত্বসৱ বৰ্জন কৰাৰ সিধান্ত লৈছে বিদ্যালয়খনৰ মেনেজিং সমিতিয়ে |

Your Comments