জাঁজী নদীত সন্ধানহীন হৈ থকা চামু কোঁচ মৃতদেহ উদ্ধাৰ

ss

অৱশেষত সন্ধান পোৱা গ'ল দেওবাৰৰ আবেলিৰ পৰা জাঁজী নদীত সন্ধানহীন হৈ থকা চামু কোঁচ নামৰ লোকজনৰ । আমগুৰিৰ নগৰৰ ২ নং ৱাৰ্ডৰ বজাৰ ঘাটৰ বাসিন্দা লোকজনে দেওবাৰৰ আবেলি গা ধুবলৈ জাঁজী নদীত নামিছিল । পৰৱৰ্তি সময়ত লোকজন নদীৰ পানীত উটি যোৱা বুলি জানিব পাৰি পৰিয়াল আৰু স্থানীয় লোকে জাঁজী নদীৰ ঘাটটোত লোকজনৰ সন্ধান কৰে যদিও দেওবাৰৰ নিশালৈকে কোনোধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম নহ'ল ।

সেই নিশাই শিৱসাগৰৰ এচ. ডি. আৰ. এফ.-ৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় যদিও এন্ধাৰৰ বাবে উদ্ধাৰ অভিযান আৰম্ভ কৰিব নোৱাৰিলে ৷ সোমবাৰৰ পুৱাৰে পৰা লোকজনৰ সন্ধানত জাঁজী নদীত স্থানীয় লোক আৰু এচ. ডি. আৰ. এফ.-ৰ দলটোৱে দিনজোৰা অভিযান চলায় যদিও কোনোধৰণৰ সম্ভেদ লাভ কৰিবলৈ সক্ষম নহ'ল নিৰুদ্দিষ্ট লোকজনৰ ।

মঙ্গলবাৰৰ পুৱাই দুৰ্ঘটনাস্থলীৰ পৰা প্ৰায় ১ কিল'মিটাৰ নিলগত স্থানীয় লোকে প্ৰতক্ষ্য কৰে লোকজনৰ মৃতদেহ । নদীত পতা এখন জালৰ কাষতে উদ্ধাৰ হয় লোকজনৰ মৃতদেহটো । ঘটনাস্থলীত ইতিমধ্যে স্থানীয় আমগুৰি আৰু চেলেংহাট আৰক্ষী উপস্থিত হৈ নদীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰিছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰিছে ।

Your Comments