মন যায় শীৰ্ষক মিনি মাৰাথন ধুবুৰীত 

ss

ধুবুৰীৰ পৰা আমিনুল আহমেদ

অসম আৰক্ষী দিৱস উপলক্ষে গৌৰীপুৰৰ পৰা ধুবুৰীলৈ মিনি মাৰাথন আৰম্ভ হয় ৰাতিপুৱা ৬ বজাত । দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা আৰক্ষী দিৱসৰ প্ৰথম দিনা গৌৰীপুৰ ৰেল ষ্টেচনৰ পৰা ধুবুৰী আৰ্বত ভবনলৈ এই প্ৰায় ১২ কিলমিটাৰ মিনি মাৰাথনত হেজাৰৰো অধিক পুৰুষ-মহিলা প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগিসকলৰ উৎসাহ আছিল অভূতপূৰ্ব ।

Your Comments