সোণাৰিৰ পৰা ঘন বৰা
চৰাইদেউ জিলাৰ সোণাৰিত অনলাইনত চাকৰি বিচাৰি সৰ্বহাৰা নিৱনুৱা । অ'এলএক্স.কম অত বিজ্ঞাপন পাই যোগাযোগ হৈছিল প্ৰৱঞ্চকৰ লগত । হিৰ' মটৰ কোম্পানীত সহকাৰী প্ৰবন্ধকৰ চাকৰি দিয়াৰ নামত লুটিলে ১ লাখ ৭২ হাজাৰ টকা । দিল্লীৰ নবীন কুমাৰ নামৰ প্ৰৱঞ্চকৰ একাউন্টত মোবাইল বেংকিং জৰিয়তে নিবনুৱা যুৱকে প্ৰদান কৰিছিল ধন । চাকৰি ৰেজিষ্টাৰ, চিকিউৰিটিৰ নামত প্ৰৱঞ্চকে লুটিলে ধন । ধন হেৰুৱাই উপায়হীন ৰমেশ কুমাৰ গীৰীয়ে সোণাৰিৰ আৰক্ষী থানাত প্ৰদান কৰিছে এজাহাৰ । উল্লেখ যে যশবীৰ সিং নামৰ প্ৰৱঞ্চকটোৱে নানান প্ৰলোভনেৰে যুৱকজনৰ পৰা বন্ধন বেংকৰ দিল্লীৰ ৰোহিনীৰ নবীন কুমাৰৰ একাউণ্ট জৰিয়তে লুটিলে সমুদায় ধন ।
- Log in to post comments
- 18 views