লংকা চহৰত স্বচ্ছতা অভিযান  পৌৰসভাৰ

ৌৌ

লংকাৰ পৰা মনোজ কুমাৰ পাঠক

মহাত্মা গান্ধীৰ ১৫০ তম জন্ম জয়ন্তী উপলক্ষে ১৫ ছেপ্টেম্বৰৰ পৰা ২ অক্টোৱৰলৈ হাতত লোৱা 'স্বচ্ছতা হি সেৱা' কাৰ্যসূচীৰ অংশৰূপে আজি শ্ৰমদান কাৰ্যসূচী আৰু স্বচ্ছ অভিযান ৰূপায়ণ কৰে লংকা পৌৰ সভাই | স্বচ্ছতাৰ অভাৱত কদৰ্য্যময় হৈ পৰা লংকা চহৰখনে আজি সামান্যভাৱে হ'লেও স্বচ্ছতাৰ পৰশ লাভ কৰিবলৈ সক্ষম হ'ল | লংকা পৌৰসভাৰ বিষয়া, কৰ্মীয়ে লংকাৰ বজাৰ, বাছষ্টেণ্ড আদি বিভিন্ন স্হানত স্বচ্ছতাৰ এই আভিযান চলাই | মুখমণ্ডলত মাক্স পিন্ধি, হাতে হাতে ঝাৰুলৈ এই স্বচ্ছ ভাৰত অভিযান চলাৱো পৰিলক্ষিত হ'ল |

উল্লেখ্য যে, বিজেপি দলৰ দখলত থকা লংকা পৌৰ সভাখনৰ চহৰখনত স্বচ্ছতাৰ অভাৱত য'তে ত'তে থকা আৰ্ৱজনাৰ দমে জনসাধাৰণক অতিষ্ঠ কৰি তুলিছে | আজি পুৱা ৰূপায়ণ কৰা চাফাই অভিযানৰ দৃশ্যসমূহ  প্ৰত্যক্ষ কৰিলে বুজিব পাৰিব লংকাত স্বচ্ছতা অভিযানক কিমান গুৰুত্ব প্ৰদান কৰিছে নৰেন্দ্ৰ মোডীৰ বিজেপি দলে | 
 

Your Comments