
নিউজ ডেস্ক:
সুদূৰ আমেৰিকা যুক্তৰাষ্ট্ৰত অসমৰ নাম উজলাইছে বিজ্ঞানী ড° সৌৰভ জ্যোতি শৰ্মাই ৷
গোলাঘাটৰ দেৰগাঁৱৰ সুসন্তান শৰ্মা বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰত 'বেয়াৰ ক্ৰপ চাইঞ্চ' নামৰ বিশ্বৰ আগশাৰীৰ কোম্পানীত এনালাইটিকেল চাইন্টিষ্ট ডিস্কোভাৰী বিভাগত কৰ্মৰত ৷
উল্লেখ্য যে,ড° শৰ্মাই দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ২০০২ চনত ৰসায়ন বিভাগত বিএছচি আৰু অৰ্গেনিক কেমেষ্ট্ৰীত সুখ্যাতিৰে এমএচ চি পাছ কৰি আমেৰিকাৰ নৰ্থ কেৰোলিনা বিশ্ববিদ্যালয়ৰ পৰা ২০১১ চনত ঔষধি ৰসায়নত ডক্টৰেট ডিগ্ৰী লাভ কৰে ৷ বৰ্তমান তেওঁ এনালাইটিকেল চাইন্টিষ্ট ডিস্কোভাৰী বিভাগত জেষ্ঠ বিজ্ঞানী হিচাপে কৰ্মৰত ৷
- Log in to post comments
- 7 views