আজিৰে পৰা গুৱাহাটীত সৰ্বভাৰতীয় বৈদিক জ্যেতিষ সন্মিলন

আজিৰে পৰা গুৱাহাটীত সৰ্বভাৰতীয় বৈদিক জ্যেতিষ সন্মিলন

বৈদিক এষ্ট্ৰ'লজিকেল ৰিছাৰ্চ ছ'চাইটী আৰু ইণ্ডিয়ান ইনষ্টিটিউট অব্‌ অ'ৰিয়েণ্টেল হেৰিটেজৰ উদ্যোগত গুৱাহাটী ৰাজ্যিক পুথিভঁৰাল প্ৰেক্ষাগৃহত আজিৰে পৰা অনুষ্ঠিত হৈছে সৰ্বভাৰতীয় বৈদিক জ্যোতিষ সন্মিলনৰ দ্বিতীয় বাৰ্ষিক সভা ৷

আজিৰে পৰা গুৱাহাটীত সৰ্বভাৰতীয় বৈদিক জ্যেতিষ সন্মিলন

আজিৰ সভাত বিভিন্ন ঠাইৰ গৱেষক, স্বনামধন্য বৈদিক পণ্ডিত, ধৰ্মগুৰু, বিভিন্ন শিক্ষানুষ্ঠানৰ উপাচাৰ্য আৰু জ্যোতিষ পণ্ডিতসকলে অংশগ্ৰহণ কৰে । অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই উদ্বোধন কৰা এই সন্মিলনত সংস্কৃত সাহিত্য, কাব্য, বেদ-বেদান্ত, পুৰাণ, জ্যোতিষ শাস্ত্ৰ আদি বিষয়ৰ ওপৰত আলোচনা-চক্ৰ অনুষ্ঠিত হয় । কাইলৈ এই সন্মিলনৰ সামৰণি পৰিব ।

Your Comments