নাচৰিন কাউচাৰৰ আত্মাৰ চিৰশান্তিৰ বাবে ইকৰা একচেলেন্স একাডেমীত দোৱা-প্ৰাৰ্থনা

নাচৰিন কাউচাৰৰ আত্মাৰ চিৰশান্তিৰ বাবে ইকৰা এক্সেলেণ্ট একাডেমীত দোৱা-প্ৰাৰ্থনা

লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম

যোৱা ২২ ছেপ্টেম্বৰত হোজাইৰ মৰিয়ম আজমল উইমেন কলেজ অব্‌ ছায়েন্স এণ্ড টেকন'লজীত ৰসহ্যজনকভাৱে মৃত্যু হোৱা মেধাৱী ছাত্ৰী নাচৰিন কাউচাৰৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে টেঙাগুৰি ইকৰা একচেলেন্স একাডেমীত আজি দোৱা তথা প্ৰাৰ্থনাৰ আয়োজন কৰে ইকৰা কতৃপক্ষই ।

ইকৰা একচেলেন্স একাডেমীৰ সমূহ শিক্ষাগুৰু আৰু ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অঞ্চলটোৰ কেইবাগৰাকীও হাফিজে পৱিত্ৰ কোৰোণ শ্বৰিফ সম্পূৰ্ণ পাঠ কৰি পৰম কৰুণাময় আল্লাহৰ ওচৰত মেধাৱী ছাত্ৰীগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰে ।

নাচৰিন কাউচাৰৰ আত্মাৰ চিৰশান্তিৰ বাবে ইকৰা এক্সেলেণ্ট একাডেমীত দোৱা-প্ৰাৰ্থনা

উল্লেখ্য যে মেধাৱী ছাত্ৰীগৰাকীয়ে ২০১৮ বৰ্ষত ইকৰা একচেলেন্স একাডেমীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাৰিটা বিষয়ত লেটাৰ মাৰ্কসহ সুখ্যাতিৰে উত্তীৰ্ণ হৈ ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হৈ যাতে বান-খহনীয়াগ্ৰস্ত নৈপৰীয়া অঞ্চলটোত সমাজ সেৱা আগবঢ়াব পাৰে তাৰ আশা বুকুত বান্ধি চকুত এসাগৰ সপোন লৈ হোজাইৰ মৰিয়ম আজমল উই'মেন কলেজ অব্‌ ছায়েন্স এণ্ড টেকন'জীত নামভৰ্তি কৰিছিল ।

কিন্তু দুৰ্ভাগ্যজনকভাৱে মেধাৱী ছাত্ৰীগৰাকীৰ ৰসহ্যজনক মৃত্যু হয় ৷ অৱশ্যে ছাত্ৰীগৰাকীৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই পৰিয়ালবৰ্গৰ লগতে অঞ্চলবাসীয়েও । বিভিন্ন সংগঠনে প্ৰসাশনৰ ওচৰত মেধাৱী ছাত্ৰীগৰাকীৰ মৃত্যুৰ আঁৰৰ ৰসহ্য উদ্‌ঘাটন কৰিবলৈ দাবী উত্থাপন কৰিছে যদিও এতিয়ালৈকে উদ্‌ঘাটন হোৱা নাই মেধাৱী ছাত্ৰীগৰাকীৰ মৃত্যুৰ আঁৰৰ প্ৰকৃত ৰহস্য ।

নাচৰিন কাউচাৰৰ আত্মাৰ চিৰশান্তিৰ বাবে ইকৰা এক্সেলেণ্ট একাডেমীত দোৱা-প্ৰাৰ্থনা

আজিৰ এই দোৱা-প্ৰাৰ্থনা অনুষ্ঠানতো ইকৰা একচেলেন্স একাডেমীৰ শিক্ষাগুৰুসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও সাংবাদিকৰ আগত আজমল ফাউণ্ডেচনৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলক মেধাৱী ছাত্ৰীগৰাকীৰ মৃত্যুৰ আঁৰৰ প্ৰকৃত ৰসহ্য উদ্‌ঘাটন কৰি ভুক্তভোগী পৰিয়ালক ন্যায় প্ৰদান কৰিবলৈ আহব্বান জনায় ।

আজিৰ এই দোৱা-প্ৰাৰ্থনা অনুষ্ঠানটোত বিদ্যালয়খনৰ শিক্ষাগুৰু, ছাত্র-ছাত্ৰী আৰু আমন্ত্ৰিত অথিতিকে আদি কৰি প্ৰায় পাঁচ শতাধিক লোক উপস্থিত থাকে ।

Your Comments