ধুবুৰীৰৰ মধুশ'লমাৰী প্ৰথম খণ্ড গাঁৱক ৰাজ্য চৰকাৰৰ আদৰ্শ গাঁও ঘোষণা

ধুবুৰীৰৰ মধুশ'লমাৰী প্ৰথম খণ্ড গাঁৱক ৰাজ্য চৰকাৰৰ আদৰ্শ গাঁও ঘোষণা

ধুবুৰীৰ পৰা আমিনুৰ আহমেদ

সেউজ অসম অভিযানৰ প্ৰতি গুৰুত্ব দি ৰাজ্যৰ ৩৩খন জিলাৰ মুঠ ৩৩খন গাঁৱক পৰিষ্কাৰ আৰু স্বচ্ছ গাঁও তথা আদৰ্শ গাঁও হিচাপে নিৰ্বাচিত কৰিছে অসম চৰকাৰে । ইয়াৰে ধুবুৰী জিলাৰ মধুশ'লমাৰী প্ৰথম খণ্ড গাঁওখনক শুকুৰবাৰে আনুষ্ঠানিক ঘোষণা কৰে অসম চৰকাৰৰ সেউজ অসমৰ ব্ৰেণ্ড এম্বেছাডৰ পদ্মশ্ৰী যাদৱ পায়েঙে ।

ধুবুৰীৰৰ মধুশ'লমাৰী প্ৰথম খণ্ড গাঁৱক ৰাজ্য চৰকাৰৰ আদৰ্শ গাঁও ঘোষণা

গাঁওখনত অনুষ্ঠিত এখন সভাত পদ্মশ্ৰী যাদৱ পায়েঙে মুখ্য অতিথি হিচাপে উপস্থিত থাকি উপস্থিত ৰাইজৰ লগতে জিলা প্ৰশাসনীয় বিষয়াসকলক উদ্দেশ্যি স্বচ্ছতাৰ ক্ষেত্ৰত বিভিন্ন দিশ সামৰি লৈ বহু গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে ।

ধুবুৰীৰৰ মধুশ'লমাৰী প্ৰথম খণ্ড গাঁৱক ৰাজ্য চৰকাৰৰ আদৰ্শ গাঁও ঘোষণা

জিলা অতিৰিক্ত উপায়ুক্ত অনিমেষ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অতিৰিক্ত উপায়ুক্ত পল্লৱ মজুমদাৰ, জিলা তথ্য আৰু জন সংযোগ বিষয়া বিকাশ শৰ্মাৰ লগতে অসম চৰকাৰৰ 'মাই গভ্‌ট'ৰ ৩গৰাকী প্ৰতিনিধি উপস্থিত থাকে ।

ধুবুৰীৰৰ মধুশ'লমাৰী প্ৰথম খণ্ড গাঁৱক ৰাজ্য চৰকাৰৰ আদৰ্শ গাঁও ঘোষণা

এই উপলক্ষে আজি গাঁওখন সুন্দৰভাৱে সজাই-পৰাই তোলা পৰিলক্ষিত হয় । উল্লেখ্য যে বিভিন্ন জ্বলন্ত সমস্যাত ভাৰাক্ৰান্ত আদৰ্শ গাঁওখনৰ সৰ্বাংগীণ উন্নয়নৰ বাবে ৰাইজে দাবী উথাপন কৰি ৰাজ্য চৰকাৰৰ সেউজ অসমৰ ব্ৰেণ্ড এম্বেছাডৰ পদ্মশ্ৰী যাদৱ পায়েং আৰু চৰকাৰৰ প্ৰতিনিধিক স্মাৰক-পত্ৰ প্ৰদান কৰা হয় ।

ধুবুৰীৰৰ মধুশ'লমাৰী প্ৰথম খণ্ড গাঁৱক ৰাজ্য চৰকাৰৰ আদৰ্শ গাঁও ঘোষণা

এতিয়া আদৰ্শ গাঁওখনৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে পৰিৱৰ্তী সময়ত কেনে গুৰুত্ব প্ৰদান কৰে সেয়া লক্ষণীয় বিষয় হ'ব ।

Your Comments