বঙাইগাঁৱৰ পৰা প্ৰণৱ কুমাৰ ডেকা
বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁও ৰে'লৱে জংচনত শুকুৰবাৰে এক অঘটন সংঘটিত হয় ৷ ৰে'লৱে জংচনটোৰ মূল টিকট কাউণ্টাৰ তথা যাত্ৰীৰ জিৰণিৰ ব্যৱস্থা থকা গৃহৰ চিলিং হঠাতে খহি পৰে ৷ পুৱা প্ৰায় ৯মান বজাত এই ঘটনাটো সংঘটিত হয় ৷
গৃহটোৰ প্ৰায় আধা অংশৰ এ চি বোৰ্ডৰ চিলিং খহি পৰে ৷ অৱশ্যে এই ঘটনাত কোনো লোক আহত নহ'ল ৷ কাৰণ চিলিং খহি পৰাৰ সময়ত তলত কোনো ৰে'লযাত্ৰী নথকাত আহত হোৱাৰ পৰা ৰক্ষা পৰে ৷
উল্লেখ্য যে একাংশ ৰে'লৱে ঠিকাদাৰৰ নিম্নমানৰ কামৰ বাবেই এইদৰে ৰে'লৱে বিভাগৰ টিকট কাউণ্টাৰ থকা গুৰুত্বপূৰ্ণ গৃহৰ চিলিং খহি পৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷
- Log in to post comments
- 8 views