বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকীৰ অৰ্ন্তগত তালগুৰিৰ সমীপৱৰ্তী নিত্যবজাৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা এখন বলেৰ' দুৰ্ঘটনাগ্ৰস্ত হৈ দুজন লোক গুৰুতৰভাৱে আহত হয় ।
প্ৰাপ্ত তথ্যমতে, বগৰীবাৰীৰ দিশৰ পৰা বইটামাৰীৰে গুৱাহাটীলৈ গৈ থকা এ এছ-১৯ ই-৭৯৭৭ নম্বৰৰ বলেৰ' বাহনখনৰ চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত পুৱা ৭.৫০মান বজাত নিত্যবজাৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বলেৰ'খন বাগৰি পৰি দুৰ্ঘটনাগ্ৰস্ত হয় ।
ৰাইজে ততালিকে আহতসকলক উদ্ধাৰ কৰাৰ লগতে বইটামাৰী আৰক্ষীক খবৰ দিয়ে । দুৰ্ঘটনাৰ ফলত বলেৰ'খনত থকা মোতাহাৰ আলী (৫৫, পিতা- নছিতুল্লাহ) আৰু আজীবন নেছা (১৪, পিতা- আজিদৰ ৰহমান) গুৰুতৰভাৱে আহত হোৱাৰ লগতে আনোৱাৰা বিবি (৪২) নামৰ মহিলাগৰাকী সামান্য পৰিমাণে আহত হয় ।
আহতসকলৰ ঘৰ কোকৰাঝাৰ জিলাৰ বৰোগাঁও (থানা- বগৰীবাৰী)ত বুলি জানিব পৰা গৈছে ।
বইটামাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি ৰাইজৰ সহযোগত বইটামাৰী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও আহতসকলক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰে ।
- Log in to post comments
- 15 views