তামুলপুৰত মটঙা নদীৰ ব্যাপক খহনীয়া : শতাধিক পৰিয়াললৈ ভাবুকি

তামুলপুৰত মটঙা নদীৰ ব্যাপকক খহনীয়া : শতাধিক পৰিয়াললৈ ভাবুকি

বাক্সা জিলা তামুলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দলংপাৰত মটঙা নদীৰ ব্যাপক খহনীয়া অব্যাহত আছে । এই খহনীয়াই দলংপাৰ আৰু বৰনগৰ গাঁৱৰ শতাধিক পৰিয়াললৈ ভাবুকি কঢ়িয়াই আনিছে ।

তামুলপুৰত মটঙা নদীৰ ব্যাপকক খহনীয়া : শতাধিক পৰিয়াললৈ ভাবুকি

উল্লেখ্য যে তামুলপুৰৰ সোমাজেৰে বৈ যোৱা মটঙা নদীয়ে আজি বহু বছৰ ধৰি গাঁওখনত খহনীয়াৰ সৃষ্টি কৰি আহিছে । দলংপাৰ-বৰনগৰ গড়কাপ্তানী পথত মটঙা নদীয়ে খহনীয়াৰ সৃষ্টি কৰি যাতায়াতৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সৃষ্টি কৰিছিল ।

এনে সমস্যা দূৰীকৰণৰ বাবে বিভাগীয় কতৃপক্ষই বল্ডাৰ পিট্‌ছিং দিয়াৰ ব্যৱস্থা কৰিছিল ৷ কিন্তু শেহতীয়া বানৰ ফলত খৰস্ৰোতা নদীখনে পুনৰ খহনীয়াৰ সৃষ্টি কৰে । সম্প্ৰতি দলংপাৰ-বৰনগৰ গড়কাপ্তানী পথটো মাজতে ছিঙি যোৱাত যাতায়াত ব্যাহত হৈ পৰে ।

তামুলপুৰত মটঙা নদীৰ ব্যাপকক খহনীয়া : শতাধিক পৰিয়াললৈ ভাবুকি

নদীখনৰ এনে খহনীয়াই নিদ্ৰাহৰণ কৰিছে নৈপৰীয়া ৰাইজৰ । এনে খহনীয়াই অঞ্চলটোৰ শতাধিক পৰিয়ালৰ লগতে তামুলপুৰৰ মহকুমা সদৰলৈও ভাবুকি কঢ়িয়াই আনিছে । অঞ্চলটো জনসাধাৰণৰ পৰা জানিব পৰা মতে, প্ৰায় ২০০ বিঘা কৃষিভূমি নৈৰ বুকুত বিলীন হৈছে ।

Your Comments