গোলাঘাটত অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ

গোলাঘাটত অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানত উচ্ছেদ

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

গোলাঘাটৰ দৰে সৰু চহৰখনত পদপথকে কৰি প্ৰায় স্থানতে গঢ়ি উঠিছিল বিভিন্ন দোকান-পোহাৰ, হোটেল, ব্যৱসায়িক প্ৰতিষ্ঠান আদি । যিয়ে নগৰখনক এক বিশৃংখল ৰূপ দি ৰাইজক দুৰ্ভোগ ভোগাই আহিছিল ।

গোলাঘাটত অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানত উচ্ছেদ

বিভিন্ন সময়ত ৰাইজে ইয়াৰ বিপক্ষে অভিযোগ উত্থাপন কৰি আহিছিল ৷ ৰাইজৰ অভিযোগৰ ভিত্তিত যোৱা ২৪ ছেপ্টেম্বৰত গোলাঘাট জিলা উপায়ুক্তৰ সভাকক্ষত ৰাজ্যখনৰ কৃষি-নগৰ উন্নয়ন মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ।

গোলাঘাটত অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানত উচ্ছেদ

বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিবৰ্গই অংশ লোৱা সভাখনত নগৰখনৰ দুৰৱস্থাৰ বিষয়ে বিশদভাৱে আলোচনা কৰি শীঘ্ৰে উক্ত অবৈধ বেদখলৰ বিৰুদ্ধে উচ্ছেদ অভিযান আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে ।

গোলাঘাটত অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানত উচ্ছেদ

লগতে ১০০ কোটি টকা অনুদানেৰে চহৰখনক এক ন ৰূপ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে । ইতিমধ্যে বিগত সময়ত কুম্ভকৰ্ণ নিদ্ৰাত থকা জিলা প্ৰশাসন তথা পৌৰসভাই সাৰ পায়েই যেন তৎপৰ হৈ পৰিল চহৰখনৰ অবৈধ নিৰ্মাণৰ ওপৰত ।

গোলাঘাটত অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানত উচ্ছেদ

অতি খৰতকীয়া গতিৰে জেচিবিৰ হতুৱাই চহৰখনত অস্বত্বিকৰ পৰিবেশৰ সৃষ্টি কৰিলে । পূজাৰ বতৰত বজাৰখনত এক ভিৰ পৰিলক্ষিত হোৱাৰ সময়তে মন্ত্ৰীৰ নিৰ্দেশক সৰোগত কৰি শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা এই অভিযান চাৰিদিন ধৰি চলিব বুলি উল্লেখ কৰে জিলা অতিৰিক্ত উপায়ুক্ত উৎপল দলেই ।

গোলাঘাটত অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানত উচ্ছেদ

ইফালে পূজাৰ বতৰত এচাম ক্ষুদ্ৰ ব্যৱসায়ীয়ে আয়ৰ পথ মৰি যোৱাত এক অন্ধকাৰ ভৱিষ্যতক ধিয়াই যেন হিয়া ধাকুৰি কান্দিছে ।

আনহাতে, গোলাঘাটৰ সচেতন ৰাইজে মন্ত্ৰীজনৰ তৎপৰতাক শলাগো লৈছে ।

Your Comments