সোণাৰিৰ পৰা ঘন বৰা
ঐতিহাসিক চৰাইদেউ মৈদামস্থলী বেদখলৰ পৰা মুক্ত কৰা, কৃষিভূমিত নীতিবহিৰ্ভূতভাৱে উদ্যোগ স্থাপ নকৰা আৰু পঞ্চায়তৰ দুৰ্নীতি তদন্তৰ দাবীত সোণাৰিত ৬ জাতীয় সংগঠনৰ উমৈহতীয়া সন্মিলিত সংগ্ৰামী মঞ্চই অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ৷
উল্লেখ্য যে চৰাইদেউ মৈদামস্থলীত একাংশ লোকে অবৈধভাৱে বেদখল কৰি চাহপুলি ৰোপণ কৰি আহিছে যদিও প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ চৰাইদেউ মৈদামস্থলীৰ অবৈধ দখলকাৰীক অনতি পলমে উচ্ছেদ কৰিবলৈ সংগঠনকেইটাই দাবী জনাইছে ৷
লগতে চৰাইদেউ জিলাৰ পঞ্চায়তসমূহত সংঘটিত ব্যাপক দুৰ্নীতিৰ তদন্ত কৰি দোষী বিষয়া-কৰ্মচাৰীক শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনাই সোণাৰিৰ বৰপুখুৰীপাৰত সন্মিলিত সংগ্ৰামী সঞ্চই অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ৷
- Log in to post comments
- 9 views